জীৱন মানেই প্ৰাপ্তি নেকি ?

0
জীৱন মানেই কেতিয়াও প্ৰাপ্তি নহয়। জীৱনত পোৱা - নোপোৱাৰ দোমোজাত বহুতো হেঁপাহ ৰৈ যায়।সুখ, দুখ, হাঁহি কান্দোনেৰে ভৰা সাতোৰঙী ৰামধেনুৰ সমাহাৰেৰে ভৰপূৰ জীৱনৰ মূল্য হয়তো মই ও বুজি নাপাওঁ। তথাপিও যিমানখিনি সম্ভৱ বুজিবলৈ চেষ্টা কৰোঁ।
          জীৱন মানেই শূন্যতা বা  যন্ত্ৰনা!! 
হয় জানো ???
               কেতিয়াও নহয় মই কিন্তু এইটো কেতিয়াও মানি লʼব নোৱাৰোঁ।
       কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ স্পষ্টকৈ দিব বা কʼব নোৱাৰি, উত্তৰবোৰ সাঁথৰ হৈ ৰৈ যায়। সেয়ে হয়তো কেতিয়াবা ডাৱৰীয়া বতৰত জীৱনে সাতোৰঙী ৰামধেনুৰ ৰূপ লৈ কেতিয়াবা সুখ কেতিয়াবা দুখ লৈ আৱিৰ্ভাৱ হয়।
                   প্ৰত্যেক মানুহে ভাৱে সমস্যা কেৱল এজন ব্যক্তিৰ হে হয়। সেইটো কিন্তু কেতিয়াও সম্ভৱ নহয়। পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিৰে সমস্যা আছে আৰু থাকিব ও।মানুহৰ জীৱনত সুখৰ পৰিমাণ যিমান থাকে দুখ ও সেই একেই পৰিমানৰে থাকে।হয়তো কাৰোবাৰ সুখৰ দিনবোৰৰ পিছত দুখ আহে আৰু কাৰোবাৰ দুখৰ দিন অন্ত পেলাই সুখ আহে । নাজানো কিয় মানুহে বুজি  নাপায় সুখ দুখৰ সমাহাৰেই যে জীৱন।।
             প্ৰতিটো দিন প্ৰতিটো পল দিনটোৰ ২৪ ঘন্টা হাঁহি স্ফূৰ্তিৰে বন্ধু - বান্ধৱী,আত্মীয়ৰ লগত কথা পাতি নাইবা Facebook, what's app, Instagram ত ভাল  বেয়াৰ খবৰ লোৱাটোৱে সুখ নহয় ও; এই সুখবোৰৰ মাজত দুখবোৰ লুকাই ৰখাৰ একোখন আৱৰন থাকি যায়। সুখ প্ৰকাশ কৰাটো যিমান সম্ভৱ ,দুখ প্ৰকাশ কৰাটো সিমানেই কঠিন।
               জীৱন নামৰ এই খন্তেকীয়া সময়ছোৱাত প্ৰাপ্তি -অপ্ৰাপ্তিৰ খেল খন মই ও খেলি আছোঁ।সেয়ে হয়তো কেতিয়াবা আৱেগিক হৈ ও পৰো।ইয়াৰ পিছতো  জীৱনৰ প্ৰতিটো দুৰ্বল মূহুৰ্ততে সংগ্ৰাম ৰ সন্মুখীন হৈ জীৱন ৰ প্ৰকৃত সুখ বিচাৰি নক্ষত্ৰ ক অন্বেষণ কৰো, মুকলি আকাশৰ তলত দুখবোৰ ওমলাব বিচাৰোঁ ।
          নাজানো এইবোৰ সম্ভৱ হয় নে নাই তথাপিও চেষ্টা কৰোঁ, প্ৰতিটো দিনতে নতুন নতুন সপোন ৰচনা কৰোঁ। 
          সুখী হোৱাৰ বাবে কেতিয়াও বৃহৎ অট্টালিকা ৰ প্ৰয়োজন নাই; সুখ বিচাৰিব জানিলে পজাঁ ঘৰৰ প্ৰতিটো কোণতে অনুভৱ কৰিব পাৰি।
              জীৱনৰ প্ৰতিটো ইচ্ছা , আশা- আকাংক্ষাৰ পৰিধিক বাস্তৱ ৰূপ দিব পৰাটো কেতিয়াও সুখ নহয় ,ই এক বাহ্যিকতা হে। কিছুমান আশা কেতিয়াবা কল্পনা হৈ ও ওমলিব দিব লাগে তেতিয়া হে "জীৱন " নামৰ দস্তাবেজৰ মূল্য বুজি পোৱা যায়।
প্ৰেম মানেই তো প্ৰাপ্তি নহয়; ত্যাগ ও প্ৰেমৰ অন্য এক নাম। নহ'লে জানো ৰাধা- কৃষ্ণৰ প্ৰেম কাহিনীও আধৰুৱা হৈ থাকিল হয় ? সকলোৰে ভাগ্যত মমতাজৰ দৰে তাজমহল লিখা নাথাকে।
        সেয়ে হয়তো ‌মই অনুভৱ কৰোঁ জীৱন মানেই প্ৰাপ্তি নহয়,অপ্ৰাপ্তিও কেতিয়াবা মানুহৰ জীৱন সুখী কৰিব পাৰে। 


( খন্তেকীয়া "জীৱন" নামৰ সময়খিনিত যিখিনি সুখ সন্মুখত পোৱা যায় সেই সুখবোৰক লৈ দুখবোৰ পাহৰি পৃথিৱীৰ অদ্বিতীয় সুখী ব্যক্তি হিচাপে থাকিবলৈ চেষ্টা কৰিব লাগে।)

               ✍️ কংকনা ডেকা, নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)