অজানিতে দেখা সেই সপোনবোৰ-গল্প-সাগৰিকা কছাৰী

©Admin
0
মমি আৰু নিকুঞ্জ দুয়ো দুয়োৰে ফোন যোগে বহুদিনৰ চিনাকি ,এটা ৰং নম্বৰত ৷

এদিন দুয়ো দুয়োৰে চিনাকি হ’ল ইজনে সিজনৰ ল’গত ,ফোন যোগেদি ৷
তেনেতে কথা পাতি থাকিল আজি বহু দিন ধৰি ৷
নিকুঞ্জ আছিল এজন বেংগলী ল’ৰা ৷ৰেলৱে পেচাত কাম কৰা ৷ সি হেনো অসমীয়া ভালকৈ ক’ব নাজানিছিল ,অসমীয়া কৈছিল যদিও ভঙা ভঙা অসমীয়া ৷
মমি-মমি আছিল অসমৰ জীয়ৰী,তাই সুন্দৰ ভাবে অসমীয়া ক’ব পাৰে ৷
লাহে লাহে নিকুঞ্জ মমিৰ পৰাই অসমীয়া শিকিবলৈ ললে ৷
নিকুঞ্জ-কেইদিনমান অসমীয়া কোৱাৰ পিছতেই সম্পূৰ্ণ ভাবে অসমীয়া কবলৈ পাৰা হ’ল ৷
এনেকৈ কেইদিনমান যোৱাৰ পিছতেই নিকুঞ্জ লাহে লাহে মমি লৈ প্ৰেমৰ অনুভৱ গঢ়ি কথা পাতিবলৈ ধৰিলে ৷ সি কেতিয়াবা ভাবে !মই এটা সাহসেৰে আজি মমিক কমেই কম মই যে তাইক ভাল পাবলৈ লৈছোঁ,সেই কথাটো ৷সি হেনো তেনেকৈ কৈ যদিওঁ সাহসে বুকুত খুন্দা মাৰি ধৰে ৷
তেনেকৈয়ে আগবাঢ়িব ধৰিলে নিকুঞ্জৰ গোপন প্ৰেমৰ যোৱাৰ ৷
কেইমাহমান জোঁৱাৰ পিছত ----
নিকুঞ্জই মমিক কাতৰ অনুৰোধ কৰিলে,এবাৰ লগ কৰি দেখা হোৱাৰ বাবে ৷
কাৰণ সিহঁতৰ গোপনে ভালপোৱা জাগিছে যদিওঁ দেখা দেখি দুয়োৰে হোৱা নাই ৷সেয়ে নিকুঞ্জই মমিক দেখাৰ উৎসাহ জাগিলে ৷

সেইদিনা আছিল ডিচেম্বৰ মাহৰ ১০তাৰিখ ! ঠাই আছিল গুৱাহাটীৰ জালুকবাৰী,খুব সুন্দৰ ঠাই ৷ ৰাস্তা আহলবহল ৷ ৰাস্তাৰ দুয়োপাৰে দুটা পথ,ৰেলিঙৰ সৈতে ৷ প্ৰাকৃতিৰ পৰিবেশও খুব মনোমোহা ৷ সঁচাই বিনন্দীয়া অপূৰ্বৰে ভৰপূৰ সেই ঠাইখিনি ৷
সেইদিনা তাতেই দুয়ো দুয়োকে দেখাদেখি হ’ল ৷
সময়বোৰও দিনে দিনে আগবাঢ়িব ধৰিলে৷
লাহে লাহে নিকুঞ্জ মনৰ অনুভৱখিনি মমিক প্ৰকাশ কৰিলে ৷নিকুঞ্জৰ কথাখিনিত মমিৰ যেন অকণমানও আপত্তি নকৰিলে ৷
মমি নিচিন্ত মনে নিকুঞ্জৰ কথাখিনি গ্ৰহণ কৰি ললে ৷ সঁচাকৈ প্ৰেম মহান ৷
মাত্ৰ দুয়োৰে মন মিলিব লাগে ৷
তেনেতে দুয়োৰে মৰমবোৰ ভালপোৱাৰ ফালে আগবাঢ়িব ললে৷
এতিয়া যেন দুয়ো সুখী নিজৰ প্ৰেমক লৈ ৷
বহুদিন যোৱাৰ পিছত নিকুঞ্জ মমিক ঘৰলৈ আলহী হিচাপে নিব বিছাৰিছিল,কিন্তু মমি কেতিয়াও যোৱা নাছিল নিকুঞ্জৰ ঘৰলৈ ৷
হয়তো মমি নিকুঞ্জৰ ঘৰলৈ গলে সকোলোবোৰ আগতিয়াকৈ গম পালেহেঁতেন ৷তাইৰ মতে আছিল,বিয়াত বহিম আৰু একেবাৰে গুছি যাম নিকুঞ্জৰ ঘৰলৈ ৷ নিকুঞ্জ মমিৰ কথাত কেতিয়াও না কৰা নাছিল ৷ সকোলোবোৰ তাইৰ ধৰণে কৰিছিল ৷ তেনেকৈ আগবাঢ়ি গৈ থাকিল সিহঁতৰ প্ৰেম ৷চাওঁতে চাওঁতে দুটা বছৰ পাৰ হ’ল ৷ 
দ্বিতীয় বৰ্ষৰ সেইদিনা আছিল জানুৱাৰী মাহৰ ১৭ তাৰিখ ৷ 
সিহঁতৰ আকৌ এবাৰ লগ হ’ল(লগ পালে ৷ সেইদিনাৰ ঠাই আছিল বাংগালোৰ ৷ তাতেই দুয়োৰে লগ হ’ল ৷ কথাও পাতিলে বহু সময় ধৰি ৷ বাংগালোৰত হেনো মমিৰ কোনোবা আত্মিয় থাকে,চাকৰি সূত্ৰে ৷ সেইদিনা মমি ঘৰলৈ আহিব ওলালে ৷ তাই আহিব বিছোৰা ট্ৰেইন খনত একেলগে বহি আকৌ এবাৰ কথা হ’ল ৷ 
হয়তো সেয়া শেষ বাৰৰ বাবেহে আছিল ৷ 
নিকুঞ্জই মমিক খাবলৈ বহুত কিবা কিবি খোৱা সামগ্ৰীও দি পঠিয়াইছিল ৷ 
দুয়োৰে সেই ভাল লগা সময়ছোৱাত ট্ৰেইন ষ্টাৰ্ট হ’ল ৷ বিকত জোকাৰণিত দুয়ো উচপ খালে ৷ হয়তো কথাৰ মচগুল হোৱাত দুয়ো উচপ খাই উঠিল ৷ সেই সময়তে নিকুঞ্জই মমিক হাতত এখন গ্ৰিটিংছ কাৰ্ড দি ক’লে--এই কাৰ্ডখনত এখন চিঠি আছে,ভাল সময় সুবিধা মিলাই তুমি পঢ়িবা ৷ লগতে মোক উত্তৰ নিদিয়াকৈ নাথাকিবা ৷ এই বুলি কৈ নিকুঞ্জ তাইৰ কাষৰ পৰা আতৰি আহিল ৷ মমিয়ে নিকুঞ্জক যোৱাৰ ফালে একেথিৰে চাই ৰৈ ! বুকুত দুখৰ বোজা এটি লৈ ৷তাই কান্দিছিল,আৰু কেতিয়া ল’গ পাম বুলি,মনে মনে উচুপি থাকিল তাই ৷
কিছুদুৰ আহি পোৱাৰ পিছত নিকুঞ্জক আৰু তাই নেদেখা হ’ল ৷ বহু চেষ্টা কৰিছিল তাই চাবলৈ আকৌ এবাৰ ৷কিন্তু ট্ৰেইনেৰে বেছি দুৰলৈ পিছ দি চাব নোৱাৰি ৷ যিকি নহওক,তাই কিন্তু চিঠিখন পাই সুখত আত্মহাৰা হৈ উঠিল ৷ তাই আৰু বেছি দেৰি নকৰিলে,কাৰণ ঘৰ পাবলৈ এতিয়াও বহু সময় বাকি আছিল ৷ সেয়ে ভাবি তাই চিঠিখন খুলি চালে ৷ খুলাৰ লগে লগেই দেখিলে এখন সুন্দৰ বৰ মৰমলগা ফটো ৷ তাই হাঁহি হাঁহি চাবলৈ ধৰিলে ৷ তাই এনেও হাঁহি থাকি খুব ভাল পাই ৷ ফটোখন চোৱা হোৱাৰ পিছতেই মমি লিখি থোৱা চিঠিখন খুলি ললে ৷তাত নিকুঞ্জই লিখিছিল ----

মৰমৰ মমি,মৰম ল’বা 
লগতে তুমি কুশলে থাকা,সদায় হাঁহি থাকা ৷ এয়াই মোৰ কামনা ৷ মইতো তোমাৰ আশীৰ্বাদত সদায় সুখী ৷ 
বহুদিনৰ হেপাঁহ এটা আছিল,তোমাক লগ কৰাৰ আৰু ওচৰৰ পৰা দেখাৰ ৷ কিন্তু কেনেকৈ লগ কৰিম সেইবোৰ ভাবি থাকোতে তোমাক লগ পালোঁ মমি ৷ এতিয়া মই আগতকৈ বহু সুখী ৷ 
যিকি নহওক , মই তোমাক কথা এটাৰ বাবেহে চিঠি লিখিলোঁ ৷ মুখেৰে কোৱাৰ সাহস মোৰ নাই বাবে চিঠিৰ সহায় ললোঁ মমি ৷ কথাষাৰ কোৱাৰ লগে লগে যেন তুমি মোক ভুল বুজি বা বেয়া পাই আতৰি নযোৱা ৷ এয়া মোৰ বিনম্ৰ অনুৰোধ মমি ৷ মই তোমাক হেৰুৱাব নোখোজোঁ মমি ৷ হেৰুৱাৰ ভয়ত কবলৈ সাহস কৰা নাছিলোঁ ৷ কিন্তু আজি কম বুলিয়েই চিঠি লিখিলোঁ ৷ মমি,মই এজন সাধাৰণ মুছলমান ল’ৰা ৷ তুমি মোক ঘিণ নকৰিবা ৷ ইয়াকে কবলৈ সাহস মোৰ নাছিল মমি ৷ তোমাক হেৰুৱাম বুলি ৷ বাকি তুমি যি ভাবা মই তাতেই সুখী হ’ম ৷ মমি,মোৰ চিঠিৰ উত্তৰ নিদিয়াকৈ নাথাকিবা তুমি ৷ মোৰ চিঠি লিখাৰ অভ্যাস নাই ৷ সেয়ে ইয়াতে এৰিলোঁ ৷

ইতি 
তোমাৰ নিকুঞ্জ 

মমিৰ মুৰত যেন সৰগ খহি পৰিল ৷ হাঁহি থকা মুখখন শেতা পৰিব ললে ৷ তাই আৰু একোকে ভাবিব নোৱাৰা হ’ল ৷ চকুলো বৈ আহিব ধৰিলে নিগমে ৷তাইৰ যেন হঠাৎ বুকুত কিবাহে হেচি ধৰিলে ৷ তাইক কান্দি থকা দেখি ওচৰৰ চিতৰ মানুহখিনি সুধিছিল ! কি হ’ল তোমাৰ ? তাই যেন নিথৰ ৷ একো ক’ব নোৱাৰা হৈ পৰিল ৷ 
মমি কেনেকৈ ঘৰ পালেহি নিজেই গম নাপালে ৷ তাইৰ যেন একোকে মনত নাইকিয়া হৈ থাকিল ৷ 
এনেকৈয়ে কেইদিনমান সময় পাৰ হ’ল ---
মমি যেন মনৰ দুখত নিকুঞ্জলৈ কোনো খবৰেই নলোৱাকৈ থাকিল ৷ তাই যেন নিজকে বুজাব নোৱাৰা হৈ থাকিল ৷ মই কি কৰিম ? কি কৰিলে ভাল হ’ব ৷ তাইৰ যেন বহু চিন্তাই আগচি ধৰিল ৷ মমি মনতে ভাবিবলৈ লৈছিল বহু কথাই ৷ তাইৰ দুখ নিকুঞ্জক ৷ নিকুঞ্জৰ কথাবোৰত ৷ সঁচা কলে হয়তো তাই ইমান দুখ নকৰিলেহেঁতেন ৷ মমিৰ বহু সপোনত আশাৰ চেচা পানী ধালিলে ৷

✍🏻সাগৰিকা কছাৰী
লহাৰঘাট(মিৰ্জা), কামৰূপ,অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)