এই সময়-প্ৰণৱ চক্ৰৱৰ্তী

ক্ৰমাৎ গহীন হৈ আহিছে
এন্ধাৰবোৰ,
অচিন শংকা এটাই
বুকুলৈ শিপাইছে কুৰুকি কুৰুকি ৷
এই যেন
সলনি হৈ পৰিব সকলোবোৰ,
এই যেন ঠিকনাবিহীন হৈ পৰিম
আপুনি আৰু মই ৷
সুখ বিচাৰি হাবাথুৰি খাব লগা
সময়বোৰ নাহক,
এই সময়বোৰ আমাৰ হওঁক
আন্ধাৰবোৰ আমাৰ সংগী নহওক ৷


🖋️প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী, ৯৮৬৪১৪৯৬৬৪

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send