আহিবানে বাৰু এদিন-কবিতা~হুমায়ুন কবিৰ

©Admin
0
 আহিবা চোন কেতিয়াবা
জোনাক নিশাৰ সাৰথি কৰি
মুক্ত আকাশৰ তলতে বহিম
কথা পাতিম প্ৰাণ খুলি...
আৰু সাঁচি থম হৃদয়ৰ কুঠৰীত

যিদিনা গুচি যাবা তুমি
নোলাব হয়তো আকাশত জোন
সিদিনাই খুলি ল'ম হৃদয়ৰ দুৱাৰ
সাঁচতীয়া স্মৃতিবোৰ উলিয়াই ল'ম 
উজাগৰী নিশাবোৰ জীপাল কৰি।

        ✍️ হুমায়ুন কবিৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)