অজান-দিপশিখা ৰাজকোঁৱৰ

কেতিয়াবা কিয় নাজানো
হৃদয়খন দেখোন বাউলী হ'ব খোজে,
উৰিব খোজে মোৰ মন
অভিমানী হৈ।
যাযাবৰী হৈ ঘূৰি ফুৰিব মন যায় মোৰ সকলোতে
হৃদয়খনে বিচাৰে কি?
চকুপানী বোৰ চোন ৰৈ থাকে
নৈ হৈ বোৱাৰ আশাত।
মনটোয়ে বাৰে বাৰে সুধে
মইনো কোন?
কোননো মোৰ আপোন

✍️দিপশিখা ৰাজকোঁৱৰ।
একাদশ শ্ৰেণী।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send