পিতাই-মনিষা কিষান

প্ৰখৰ ৰ'দৰ তাপত অসহ্য শিহৰণ,
প্ৰচণ্ড বজ্ৰপাতত দেহৰ কঁপনিৰ অনুভৱ,
ধাৰাষাৰ বৰষুণত দেহত শীতৰ আৱৰণ,
ইয়াতেই পৰিসমাপ্তি নহয় পিতাইৰ পৰিশ্ৰমৰ পৰিসৰৰ বিৱৰণ।
তেজক পানী কৰি বাগিচাৰ 
হাড় ভঙা কামে প্ৰাণ দিয়ে মোৰ সপোন নগৰীক।
তেওঁৰ অসংখ্য ত্যাগ আৰু পৰিশ্ৰমে আঁকে মোৰ জীৱনৰ ভৱিষ্যতৰ ছবিটি।
দিন -ৰাতি, ৰ'দ-বৰষুণ , বিজুলী-ঢেৰেকণী নাই তেওঁৰ ভক্ষেপ কাৰোৰে
নকৰে কেৰেপ ঘণিষ্ঠ মানো একোৰে
টপ -টপ পৰা কপালৰ ঘামৰ টোপবোৰে যদিও দি যায় 
পৰিশ্ৰমবোৰৰ গতি কঠোৰৰ পৰা কঠোৰতম বুলি।
তথাপিওচোন নকৰে তেওঁ স্বীকাৰ 
ক্ষণবোৰ অস্বতিৰ বা অৱসাদৰ বুলি।
সন্তানৰ সফলতাৰ লক্ষ্যৰে অপেক্ষা মাথো
উজ্জ্বলতাৰ দুৱাৰদলিৰ।
কেতিয়াবা মোৰ অভাৱবোৰো খেলে তেওঁৰ দুহাততে হেতালী
নিমিলে যে পূৰণ নামৰ অংকটোত 
তেওঁৰ আৰ্থিক।
তথাপিওঁ ম‌ই নজনাকৈ
 দিয়ে সকলোবোৰ সময়ৰ আগত গতাই।

✍️ মনিষা কিষান
খুমটাই চাহ বাগিছা,মৰাণ হাট

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send