লাজৰ মহাকাব্যত তুমি অপৰূপা-কবিতা~জহিৰুল ইছলাম

"লাজৰ পিৰামিড ভাঙি 
ফাগুনৰ সমীৰণত তুমি যে উতলা গোন্ধ 
গোন্ধত আলহুৱা প্ৰেম
মাঘতে ফাগুন ফাগুন লাগিছেচোন সখী

তোমাৰ লাহী ককালত মুগাৰ মখমল
উঠন বুকুত ৰঙা ৰিহাৰ সোণোৱালী সাজোন 
গোলাপী ওঁঠৰ মিচিকীয়া কম্পনত
যৌৱনৰ কলৰৱ
ওৰণিত উৰুৱাই লাজৰ মহাকাব্য"
তুমি অপৰূপা 
ভাল পাওঁ সখি তোমাৰ লাজৰ অৰণ্য।
কথা এটা ভাবিছোঁ সখি
এইবাৰ বহাগ আহিলেই তোমাৰ প্ৰেমিক হ'ম 
কি কোৱা সখি?

শীতৰ কুঁৱলী ফালি উজাই অহা জোনটোৱে
ৰিঙিয়াই মাতিছে
ব'লা সখি নৈৰ পাৰলৈ 
কহুৱাৰ ফুল গোটাই গুঁজি দিম তোমাৰ খোপাত
কথা পাতিম জীৱনৰ,হেৰুৱা বসন্তৰ আৰু বহু কথা 

সৌৱা চোৱা সখি
ঠৰঙা শিমলু গছত ৰঙা তৰাবোৰ শুভ্ৰ হ'বলৈ বেছিপৰ নাই 
নঙঠা ঠালত কুলিজনীও 
জুৰিছে জোনামুৱা গধূলিত যৌৱনৰ প্ৰভাতী গান
ফাগুন আহিলেই ৰঙীন হ'ব
তুমি আৰু মই মিলি গাম যৌৱনৰ গান।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send