শুবলৈ নিদিয়া নিশাবোৰ-পৰেশ দাস

0
আজি আকাশত ন-জোন ওলাইছে..
পিঠিত পোন্ধৰ কেজিৰ জীৱনটোক লৈ,
জীৱন দুটাই মুক্তি পাবলৈকে আজি আইৰ ঘৰলৈ গুচি আহিলোঁ..!

আজি অতদিনে চিকাৰীৰ চিকাৰ হৈয়ো জীয়াই আছিলোঁ,
ধুমুহাই ধ্বংস কৰা ঘৰখনত সদায়ে যে অশান্তি;
শুবলৈ নোপোৱা বহু নিশাৰ বাবেই একবাৰেই গুচি আহিছোঁ,
হয়তো আকাশত শেষ হ'ব শেষ বাৰিষাৰ বান..!

মোৰ সুকোমল শৰীৰত চিকাৰীয়ে চিকাৰ কৰা অসংখ্য দাগ,
মোৰ দুগালত নৰ-অসুৰৰ গণিব নোৱৰা আঙুলিৰ চাপ..!
 সুখৰ ভোকাতুৰ হৈ ঘৰলৈ গুচি আহিছোঁ...!

শুই শুই বহুজনে সপোন দেখাৰ সময়ত,
নীৰৱে একোণত উচুপি জীয়া সপোন দেখি আছিলোঁ..
পোন্ধৰ কেজি ওজনৰ জীৱনটোক জীৱন গঢ়াৰ স্বাৰ্থত আইৰ ঘৰলৈ গুচি আহিলোঁ..!


পিঠিত কঢ়িয়াই অনা জীৱনটো এদিন ডাঙৰ হ'ব,
মই বধিব নোৱাৰা অসুৰক বধ কৰিব,
সেই কথা ভাবিয়ে শিৰৰ ৰাঙলী জোনটোক মোহাৰি
বিশাল আকাশৰ তললৈ গুচি আহিলোঁ...!
এতিয়া যে দুটা জীৱনেই মুক্ত...!


🖋️পৰেশ দাস,ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)