দুৰ্গতজনলৈ দহ টকা, অন্যান্যত এশ টকা~অনুভৱ-পৰেশ দাস

©Admin
0
"দাদা, দাদা, দহটকা এটা দিয়কচোন।দাদা দিয়কনা।" অলপো গুৰুত্ব নিদিয়াকৈ মন্দিৰৰ ভিতৰলৈ সোমাই গৈছে এজন ভগৱান ভক্ত। মন্দিৰৰ দুৱাৰদলিত কাতৰভাৱে মানুহজনলৈ চাই ৰ'ল বিশেষভাৱে সক্ষম ল'ৰাজন। দৈনন্দিন জীৱনত এনেকুৱা ঘটনা ঘটিয়ে আছে। আচলতে আমি সঁচা অৰ্থত প্ৰকৃত শিক্ষিত হৈছোনে?
       বিজ্ঞান আজি মহাকাশ পালেগৈ। সমগ্ৰ বিশ্ব এখন গোলকীয় গাঁৱলৈ পৰিণত হ'ল। কিন্তু একবিংশ শতিকাতো এচাম মানুহৰ মানসিকতা পৰিৱৰ্তন নঘটাটো আশ্চৰ্যজনক। যেনে-
       ১/ মানুহেই দেৱ,মানুহেই সেৱ,মানুহ বিনে নাই কেৱ। তাৰ পাছতো আপুনি মংগল কামনাৰ্থেই হওক, প্ৰশান্তি লাভ কৰিবলৈকে হওক মঠ-মন্দিৰলৈ গৈছে। তাত আমাৰ ক'ব লগা একো নাই। মন্দিৰলৈ ভিন্ন ৰকমৰ নামী-দামী ফল-মূল লৈ গৈছে তাতো আমাৰ ক'ব লগা একো নাই। কাৰণ আপুনি পাৰিছে কাৰণে নিছে। কিন্তু মন্দিৰৰ বাহিৰত ভোকাতুৰ হৈ পৰি থকা মানুহজনে কৰযোৰে অনুৰোধ কৰাৰ পাছতো দহ টকা এটা দিবলৈ কুণ্ঠাবোধ কৰোঁ।
 
২/ ট্ৰেইন ষ্টেচনতেই হওঁক,ট্ৰেইনৰ ভিতৰতেই হওঁক নাইবা নগৰৰ ফুটপাথত অসংখ্য ভোকাতুৰ মানুহ লগ পাওঁ। অন্ন-বস্ত্ৰ দূৰৰে কথা, কিমানজনে সহায়ৰ হাত আগবঢ়াই পাইছোঁ, সেয়া হয়তো আপোনাৰ মোৰ নিজৰ গাত চিকুটি চালেই উমান পাম। কিন্তু মন্দিৰত অৰিহণা এটা দি সেৱা কৰিবলৈ কেতিয়াও নাপাহৰোঁ।
 
 ৩/ দহটকা দিব নোৱাৰা মানুহে শ টকা খৰচ কৰি পুণ্য হ'ব খোজে। অন্ধবিশ্বাসৰ বলি হৈ বেজৰ হাতত পোন্ধৰশ টকা গুঁজি দিব জানো। 
     গতিকে চিন্তা কৰক আমি, আপুনি নাইবা মই কোন পৰ্যায়ত আছোঁ। ভোকাতুৰ হৈ পৰি থকাজনক অৱহেলা কৰি শিৱলিংগত ঢালি দিওঁ শ শ লিটাৰ গাখীৰ। ভগৱানক সন্তুষ্ট কৰিবলৈ উভৈনদী কৰি অৰ্পণ কৰোঁ জীৱিত ভোকাতুৰৰ খাদ্য। কম মাননি দিলে কিজানিবা চকু নেমেলিব,কিজানিবা বেজে ভালকৈ হাতখন চাই নিদিব সেই ভয়ত ওপৰঞ্চি দিবলৈ নাপাহৰোঁ। গতিকে আমি প্ৰকৃত মানুহ নে দানৱ,নে মানৱ দৰদী সেই উত্তৰ নিজেই উলিয়াই লওক। 
      শেষত এই লেখাৰ জৰিয়তে এটা কথা ক'বলৈ পালে সুখী হ'ম যে আপুনি যদি কেতিয়াবা বিচৰাজনক দহ টকা এটা দিবলৈ কুণ্ঠাবোধ কৰি নিবিচৰাজনক ওপৰঞ্চি দিছে তেন্তে আপোনাতকৈ এই পৃথিৱীত দুখীয়া কোনো নাই। সেয়ে আপোনাৰ মোৰ মানসিকতা সলনি কৰোঁ আহক। কামত অহা ঠাইত ওপৰঞ্চিকৈ দি দুগুণ আশীৰ্বাদ লৈ মজা লওঁ আহক...!

✍️পৰেশ দাস
ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)