চাইডু-হেমেন হাজৰিকা

ক'ত জানো
কেতিয়া তোক
কেনেকৈ এৰি থৈ আহিলো  |

নতুন বছৰ বুলি
ব'হাগৰ কুঁহিপাত মেলোতেই
হৃদয়খন চাফা কৰোতে
তই দেখোন ওলাই পৰিলি
কিমান দিন যে........... |

তই কুশলে আছনে চাইডু
কাৰডম্ লবি
বৰকৈ মনত পৰিছে অ' চাইডু
তোলৈ আজি
ব'হাগৰ বতৰ যে
সেইবাবে ছাগৈ  ||

     🖋️হেমেন হাজৰিকা
             ঠিকনা-মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send