মই তোমাৰ প্ৰেমত পৰিছো-ধীৰাজ গোস্বামী

Rinku Rajowar
0
ৰঙা শাৰীখন নিপিন্ধিবা তুমি
ভয় লাগে মোৰ ,জানো উৰুৱাই লৈ যায়
ফাগুনৰ পচোৱাই মোৰ আধালিখা চিঠিখন

চকুত কাজল নল'বা তুমি
ভয় লাগে মোৰ ,কিজানি কথা নহয়
চকুৱে চকুৰ সতে 
তোমাক প্ৰথম দেখা সেই দিনটোৰ দৰে

চ'তৰ বিহুত পাৰফিউম নল'বা
ভয় লাগে মোৰ ,ব'হাগ আহিলে
তোমাৰ নামৰ আধালিখা চিঠিখনত
কিজানিবা ঠিকনা সলনি কৰিব লাগে

চুলিবোৰ চিধা কৰিব নালাগে দিয়া
সাগৰৰ ঢৌ মোৰ ভালেই লাগে
সেন্দুৰীয়া আলিটোত বেলিটো ঢাকি নথ'বা
 ভুল হ'ব পাৰে বাটৰুৱা ডেকাৰ

আজি মই তোমাক
চৰ্তৰ উপৰি চৰ্ত দিছোঁ 
বেয়া নাপাবা,  কাৰণ
মই তোমাৰ প্ৰেমত পৰিছোঁ
মই তোমাৰ লগত থাকিব বিচাৰিছোঁ

এদিন হাতখন আগুৱাই দিছিলোঁ 
আৰু তুমি খামুচি ধৰিছিলা... সেয়াই  আৰম্ভণি নহয়নে ?
সিদিনা মই বিজয়ী হৈছিলোঁ
আৰু ...
 তুমি ,মই লগ হৈ
 আমি হোৱাৰ এখন চুক্তি কৰিছিলোঁ
আকাশখনে সিদিনা সাক্ষী হৈছিল

ৰঙা শাৰীখন পিন্ধি  আহিবাচোন মোৰ কাষলে
পাঠ কৰি শুনাম তোমাৰ নামত মোৰ আধা লিখা চিঠিবোৰ

চকুত কাজল সানি মোৰ ওচৰলৈ আহিবাচোন
কথা পাতিম চকুৱে চকুৱে মৌনতাৰ ভাষাৰে 
তোমাক প্ৰথম লগ পোৱাৰ  সেই দিনটোৰ দৰে ।

🖋️ধীৰাজ গোস্বামী
          

                              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)