আপুনি(কবিতা)-পংকিতা কলিতা

Rinku Rajowar
1
   (১)
আপুনিও ভাবিছে,
মইও দেখিছো,
যাব লাগিব
এটি সংজ্ঞা বিচাৰি
প্ৰেমৰ সাগৰৰ দিশলৈ।
      (২)
আপোনাৰ হৃদয়ৰ 
কথা শুনিবলৈএ,
মোৰ শ্ৰৱণেন্দ্ৰিয়
জাগ্ৰত হৈছে
ইখন নৈৰ পাৰৰ
পৰা সিখন নৈৰ
সিপাৰলৈ।
এজাক মলয়া বতাহ হৈ
উৰি আহিছে
সপোন পখী হৈ
মোৰ দুচকুলে...।
       (৩)
জোনাকৰ হালধীয়া খিনিৰে
সুৰুযৰ ৰাঙলীৰে
আঁ‌কি ল'লো আপোনাৰ ছবি হৃদয়ৰ দুৱাৰত
নীলা চাদৰৰ বক্ষত
টোপনি গৈ আছে 
আপোনাৰ মৰমবোৰ...।।

✍️পংকিতা কলিতা(পলী প্ৰিয়া)
 দৰং(অসম)
ছিপাঝাৰ(হাজৰিকাপাৰা)

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment