ব'হাগী-কাকলি শৰ্মা বেজবৰুৱা

Rinku Rajowar
0
দিপলীপ মলয়াই
দি যায় মায়াবান
তগৰ-গুটিমালিৰ সুবাস,
কুলিৰ কাকলি আৰু
কপৌৰ কথাকলিত
উৰি ফুৰে বহাগী হৃদয়,
থৌকি বাথৌ মন
ঘৰত নবহে যেন
বুলাই জেতুকীৰ সুৰ,
আঁহতৰ ছাঁ ধৰি
গামোচাতে মেৰিয়াও 
পিছলি পৰা প্ৰেমৰ
এসাৰি অমিয়া বিৰহী।

 🖋️ কাকলি শৰ্মা বেজবৰুৱা
উদয়পুৰ,পো,অ মিলনপুৰ,ৱাৰ্ড নং ১০, নলবাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)