এই জীৱন বৰ অনুপম
জীৱনৰ বাবে
এটা উশাহ অৱশ্যাম্ভাবী |
হাহাঁকাৰ
আৰ্তনাদ
চিত্কাৰ এটা উশাহ বিচাৰি
মৃত্যুৱে কিৰীলি পাৰিছে |
হায়
মৃত্যু এনেদৰেও আহে
অকল্পনীয়
অসহনীয় |
জীৱন অসহায়
এটা উশাহ লাগে
বৰ কঠিন হৈছে উশাহ লবলৈ
কি দিনত নিম্মজিত হলো |
সকলোৰে বাবে
সু-দিন আহক
সকলোৰে বাবে সূৰ্যোদয় হওক |
তেতিয়াই আমি
আলিঙ্গন কৰিম পৰস্পৰে |
🖋️ হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ