বসন্তৰ দুপৰীয়া-অনন্ত কুমাৰ ভূঞা

Rinku Rajowar
0
দুখৰ মোনাত বজাত কৰি আনিছোঁ‌ ,
মাছ পুঠি আৰু বিবিধ শাক পাচলি-----
মাছ খিনি বাকি দিলোঁ‌ 
এটা বাঁ‌হৰ খৰাহিত ।

টোৰা গৰৈ চেঙেলী আদি 
বাচিবলৈ মৈদাখন গোটালোঁ‌ ,
গৰৈ চেঙেলীয়ে ঢাপলি মাৰিছে
ইফালে সিফালে চাই ।

কুজি ঠেকেৰা বটলত আছে ,
মাছৰ টেঙা চৰ্চৰি বনাম ,
গৰৈ চেঙেলী পুঠি খলিহা ভেচেলি,
ভেদাইলতা পিচি----------
নহৰু পিয়াজেৰে বনাম।

পুঠি মাছ কেইটা 
নল টেঙাৰ লগত তৃপ্তিৰে ৰান্ধিম,
মৰাপাটৰ পুলি দুমুঠা---
অকনমান খাৰ দি ভাজিম,
বিহ জলকীয়াৰ আচাৰ,
জুতি লম বসন্তৰ দুপৰীয়া।

পদিনা আনিছোঁ‌ বজাৰৰ পৰা কিনি,
পিচি লৈ চাটনি বনাম ,
তিতা কেৰেলা ভাপত দি থৈছোঁ‌,
তৃপ্তিৰ পিটিকা কৰিম,
বসন্তৰ দুপৰীয়াৰ এসাঁজ 
এইদৰে সজাম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)