আশাহত-জহিৰুল ইছলাম

Rinku Rajowar
0
এদল মানুহ
দুচকুত হতাশাগ্ৰস্ততাৰ হাহাকাৰ
যৌৱনৰ ৰণুৱা ঘোঁৰা আজি খোজ কাঢ়িবলৈ ও অপাৰগ
যেন সিহঁত জীৱন যুদ্ধৰ ভাগৰুৱা যোদ্ধা 
নাশিবলৈ অন্ধকাৰ
অন্ধকাৰত পতিত সিহঁত 
অনিশ্চিত ভৱিষ্যত
দায়বদ্ধতাৰ শিকলিডাল এতিয়া
ছিগো-ছিগো আৰ্তনাদ
সিহঁত যে এতিয়া সিহঁতৰ ওচৰতেই ঘৃণিত

উপায়ান্তৰ 
সময়ৰ শৰডাল কাৰ অনুকূলে?

খবৰৰ পাণ্ডুলিপিত খবৰবোৰ নিৰুদ্দেশ
শেঁতাপৰা চকুবোৰত অশ্ৰুসিক্ত হুমুনিয়াহ
চাহমেলত প্ৰাপ্তিৰ খবৰ অপ্ৰাপ্তিৰ বিষাদ 
আজি আশাত বন্দী আত্মাৰ আশাহত হোৱাৰ চিত্ৰপট
দৃশ্যপটত 
আত্মঘৃণা, বঞ্চনা,অপমান,অনিদ্ৰাৰ এক ভাগৰহীন যাত্ৰা।
এদল মানুহ
দুচকুত অনিশ্চিত ভৱিষ্যত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)