সুখৰ সংজ্ঞা বিচাৰি~অনুভৱ-মেঘালী বৰুৱা

©Admin
0
প্ৰত্যেক মানুহৰে জীৱন ব্যস্ততাময়। কাৰোৱেই ৰ'বলৈ সময় নাই, কোনেও কাৰো কথা চিন্তা কৰিবলৈ আহৰি নাই। প্ৰত্যেকে ব্যস্ত কেৱল নিজৰ জীৱনটো সুখী কৰিবলৈ। কিন্তু প্ৰকৃততে আমি কিমান সুখী বাৰু? কিছুমান মানুহক অভাৱে গো-গ্ৰাসে গিলি থৈছে। অভাৱৰ তাড়নাত পৰি মানুহে জীৱনৰ প্ৰকৃত ৰং খিনি অনুভৱ কৰিবলৈকে সময় নাপায়। আন কিছুমানে অপৰ্যাপ্ত ধন সম্পত্তিৰ মাজত থাকিও আকৌ সুখী হ'ব নোৱাৰে। হয়তো সেইসকলৰ মনে আৰু কিবা বিচাৰে। প্ৰাচুৰ্যই মানুহক সুখ নিদিয়ে। প্ৰকৃত সুখ মানুহে নিজে বিচাৰিব লাগিব। কিয়নো জীৱনটো সুখৰে ঠিকনা। বিচাৰিব জানিলে সুখেই সুখ আৰু নাজানিলেই দুখ পোৱা যায়। আচলতে দুখবোৰৰ মাজতে সুখৰ সংজ্ঞা বিচাৰি ল'ব পাৰি। পূব আকাশৰ আভৰণ ফালি ওলাই অহা ৰাঙলী সূৰুযৰ এচেৰেঙা মিঠা ৰ'দত বহি আপুনি যদি বাতৰি কাকতখন চায় শোৱাপাটী এৰি উঠি অহা যি এলেহুৱা ভাব সেয়া নোহোৱা হৈ দেহটো সক্ৰিয় হৈ পৰিব। তেনেদৰে এখন্তেক সময় যদি পোহনীয়া জীৱ জন্তুৰ লগত পাৰ কৰে সেই নিবিড় সান্নিধ্যও হ'ব নোৱাৰে জানো সুখানুভূতিৰ কাৰণ। ফুটপাথত বহি থকা মানুহ এজনক এপেকেট বিস্কুট দি যদি তেওঁৰ স'তে অলপ কথা পাতে নিজৰ লগত হৈ থকা দুখ বেদনাবোৰ নিমিষতে পাহৰি যাব। কাৰণ সেইসকল ব্যক্তিয়ে নূন্যতম মৌলিক অধিকাৰ অন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱেই জীৱনটোত পূৰাব পৰা নাই। আমাৰতো প্ৰত্যেকৰে এখন ঘৰ আছে, খাব পাইছো, পিন্ধিব পাইছো, দিনটোৰ ব্যস্ততাৰ অৱসাদ আঁতৰাবলৈ এখন সুন্দৰ বিচনাত শুব পাৰিছো, এইখিনিয়েই পৰম সুখ। টকা পইচা মানুহক চলিবলৈ লাগে। কিন্তু টকা পইচাৰে প্ৰকৃত সুখ কিনিব পাৰি জানো? 

আপুনি মন কৰিছেনে চিকিৎসালয়ত ঘণ্টাৰ পিছত ঘণ্টা চিকিৎসকলৈ আপেক্ষাৰত হৈ থকা সময়খিনিতো মানুহে মোবাইলটোতে নিমগ্ন হৈ থাকে। গাত গা লগাই বহা ব্যক্তিজনকো কোনেও নামাতে। তেওঁৰ স'তে দুআষাৰ কথা পাতিলেও আপোনাৰ মনটো ভাল লাগিল হয়, আৰু চিকিৎসকক আপেক্ষা কৰি থকা দীঘলীয়া সময়কণো কিছু পৰিমাণ কমি যোৱা যেন অনুভৱ হ'ল হয়। ঠিক তেনেদৰে নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি সময়ে সময়ে বিভিন্ন পৰীক্ষাত বহিবলগীয়া হয়। আমি সকলোৱে জ্ঞাত পৰীক্ষাকেন্দ্ৰত মোবাইল নিব নিদিয়ে। মোবাইলতো এৰি সকলো যেন নিঃসংগ হৈ পৰে। প্ৰশ্নকাকত অহালৈ বোন্দাপৰ দি থাকিব তথাপি কোনেও কাকো নামাতে অথচ প্ৰায়বোৰ ল'ৰা ছোৱালী একে সমনীয়াই। আচৰিত নালাগেনে সেই মুহূৰ্ত্তবোৰ। হাঁহি মাতি যদি ইটোই সিটোৰ লগত চিনাকি হ'লহেঁতেন নিশ্চয় সেই সময়খিনিত অলপমান হ'লেও সুখ পোৱা গ'লহেঁতেন।

জীৱনটো দুদিনীয়া। এই দুদিনীয়া জীৱনটোতে সুখ-দুখ, প্ৰেম, বিৰহ বেদনাৰ ভিন্ন স্বাদ পোৱা যায়। জীৱন কিন্তু সকলোৰে এটাই মাথোঁ জীৱনত ঘটা ঘটনা বিলাকহে প্ৰত্যেকৰে বেলেগ বেলেগ। কেৱল এটা অট্টালকা বা এখন বিলাসী গাড়ী থকা মানেই মানুহ সুখী নহয়। জীৱনৰ প্ৰতিটো ক্ষণতেই সুখৰ মাদকতা আছে। আমি হেৰুওৱাবোৰ নাপাওঁ সঁচা কিন্তু যিবোৰ আছে সেইবোৰেৰেও সুখী হ'ব পাৰি। দুখবোৰে চাৰিওফালে ঘেৰি থাকিলেও সুখৰ চেঁকুৰাকণ আমি বিচাৰিব জানিব লাগিব। পাৰ হৈ যোৱা অতীতটোৰ অনুশোচনা নকৰি ভৱিষ্যতকলৈ মিছাতে দুঃচিন্তা নকৰি যদি বৰ্তমানটোত প্ৰত্যেক মুহূৰ্ত্ততে আমি যোগাত্মক চিন্তাধাৰাৰে আগবাঢ়ো নিশ্চয় সকলো সুখী হ'ম।

✍️মেঘালী বৰুৱা
হাজৰিকাপাৰা,দৰং(অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)