বৰ্তমান বাগিচাৰ ৰুক্মিণীজনী~অদিতী তাঁতী

©Admin
0
বাগিছাৰ লাইনত বসবাস কৰা ৰুক্মিণী এগৰাকী মেধা সম্পন্ন ছোৱালী। বাপেক বাগানত মজুৰি কৰে  মাক এবছৰৰ আগত ডায়েৰীয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মাকৰ মৃত্যুৰ পিছত ৰুক্মিণীয়ে ঘৰুৱা কামৰ সকলো দায়িত্ব মূৰ পাতি ল'ব লগীয়া হ'ল। তাই এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে বাপেকে আৰু পঢ়িবলৈ নিদিয়ে তাইক বাগানৰ ছোৱালী কাম কৰিবই লাগিব পাত ছিঙিবই লাগিব পঢ়ি শুনি কি কৰিব । ৰুক্মিণী বাগানলৈ যায় কাম কৰিবলৈ এটি কলি দুটি পাতত হাত নচুৱাই গান গুণ গুণাই । তাইৰ সপোন এগৰাকী সুন্দৰ গায়িকা হোৱাৰ কিন্তু ,,,,,,, কোনে বুজাব দেউতাকক তেওঁৰ যে আৰু ইচ্ছাই নাই পঢ়োৱাবলৈ গানটো দূৰৰে কথা। দেউতাকে তাইক ঘৰুৱা কাম বন শিকিবলৈ হে কয় কাৰণ এখন ঘৰৰ দায়িত্ব ল'ব লাগিব সেইবাবে। ৰুক্মিণী য়ে বাগানত গান এটি গাইছিল 'আসাম দেশেৰ নাম ৰাখিব জীয়াই ' এই গানটো বহুত সুন্দৰ হৈছিল বাগানৰ সকলো মানুহে আনন্দিত হৈছিল। এতিয়া তাইৰ সেই গানটো গুৱাহাটী ত ৰেকৰ্ড কৰিব  NGO welfare ৰ পৰা তাইক  সকলো সুবিধা দিব এই কথা জানি ৰুক্মিণী ৰ লগৰ বোৰে আনন্দত আত্মহাৰা হৈছিল এফালে তাই মেট্ৰিকত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা কথা সকলোৱে গম পাই   বাগিছাৰ  মানুহৰ ভীৰত চোতাল ভৰি পৰিছে মিঠাইৰ টোপোলা হাতত লৈ মেনেজাৰ বাবু   আহি উপস্থিত হ'ল।
    কিন্তু আৰু আগলৈ পঢ়াবলৈ বাপেকৰ ইচ্ছা নাই তাইক অলপ দিন বাগানতে কাম কৰাই বিয়া দিয়াৰ কথা ভাবিছে। এই সকলোবোৰ কথা জানিব পাৰি মেনেজাৰ চাহাবে ক'লে ইমান কম বয়সত বিয়া দিলে ছোৱালী জনীৰ বাবে কিমান খতিকাৰক হ'ব এই বিষয়ে বুজাই ক'লে আৰু তেতিয়া বাপেকৰ চকু খুল খালে ৰমেন আৰু শ্যাম বহু বাৰ চোতালৰ পৰাই উভতি যায় বাপেকক বুজাবলৈ সক্ষম নহ'ল।
  বৰ্তমান শৈক্ষিক অৱস্থাত NGO সমূহে কিছুমান উল্লেখযোগ্য পদক্ষেপ হাতত লৈ আহিছে ।যিদৰে কিশোৰ কিশোৰীক একগোট কৰি সংগীতৰ মাধ্যমেৰে বাৰ্তা প্ৰেৰণ কৰিছে ।ইয়াৰ দ্বাৰাই এখন বাগিছা অঞ্চলৰ ব্যক্তিক সজাগ‌ হৈ উঠিছে। বাগিছা অঞ্চলৰ ঘৰে ঘৰে গৈ কথাবোৰ আলোচনা  আদি অনুষ্ঠিত কৰি শৈক্ষিক দিশত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। যিদৰে আজি ৰুক্মিণী য়ে নিজৰ প্ৰতিভা দেখুৱাবলৈ সকলোৰে সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ল।

🖋️অদিতী তাঁতী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)