সপোনৰ আলাপ-প্ৰণৱ চক্ৰৱৰ্তী

সিদিনা সপোনত 
অচিনাকি কোনোবা এজন আহিছিল,
কোমল মাতেৰে তেওঁ সুধিলে
কি লাগে নিসংকোচে কোৱা, মই দিম ৷
মই উৎসাহী হৈ ক’লোঁ
আইতাৰ কোলাত মূৰ থৈ সাধুকথা শুনা দিনবোৰ দিয়ক,
দেউতাৰ লগত চোতালত বহি
তৰা গণি থকা দিনবোৰ দিয়ক,
মাঁৰ আচলত লুকাই নাৰিকলৰ লাৰু খোৱা দিনবোৰ দিয়ক ৷
নহ’লে বোকাৰে লুতুৰিপুতুৰি হৈ
ফুটবল খেলা দিনবোৰ দিয়ক,
যদি পাৰে কুঁহিপাত, পাটীগণিতৰ
দিনবোৰকে ওভতাই দিয়ক ৷
মই আশাৰে দীঘল তালিকা লৈ
তেওঁৰ মুখলৈ চালোঁ ৷
অচিনাকি চৰিত্ৰটোৱে 
মোলৈ চাই হাঁহিলে,
সন্তোষ নে বিদ্ৰূপৰ সেই হাঁহি
মই অনুমান কৰিব নোৱাৰিলোঁ ৷
তেওঁৰ ফালে চাই চিঞৰিলোঁ
দিয়ক না বিচৰা বস্তুবোৰ ,
অলপ সময়ৰ বাবে হ’লেও দিয়ক
বৰ্তমানক লৈ মই বৰ ভাগৰুৱা, দিয়কনা ৷
তেওঁ এইবাৰো মৌন হৈ ৰ’ল,
মোক নিৰীক্ষণ কৰি গহীন হ’ল
আৰু ক’লে
অতীতক নিবিচাৰিবা,
অতীত ওভতাই দিব নোৱাৰিম তোমাক 
লাগে যদি বৰ্তমান ৰঙীন কৰি দিব পাৰোঁ তোমাক ৷
এইবাৰ খঙত আৰু ক্ষোভত
চিৎকাৰ কৰি উঠিলোঁ মই
তেজে ধোৱা বৰ্তমানক
আকৌ ৰঙীন কৰাৰ হাবিয়াস নাই মোৰ,
আপুনি মিছলীয়া, আঁতৰ হওক ৷
তেওঁ আঁতৰিল
মোৰো সপোন ভাগিল...

🖋️ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী, ৯৮৬৪১৪৯৬৬৪

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send