মাতৃলৈ এখন চিঠি-প্ৰিয়ংকা গায়ন

Rinku Rajowar
0
পূজনীয়
              মা,
                       মৰম আৰু সেৱা গ্ৰহণ কৰিব । আশাকৰোঁ নেদেখাজনে আপোনাক কুশলে ৰাখিছে।আপোনাৰ মৰম আৰু আশীৰ্বাদত মই বৰ্ত্তমান কুশলে আছো।
                   আপোনাৰ আঁচল খনে বৰকৈ আমনি কৰে যেতিয়া মই কৰ্তব্যৰ পৰা উভতি দুপৰ নিশা বিছনাত পৰো । মাতৃৰ সেৱাৰ বাবে মই আজি সীমান্তৰ অতন্দ্র প্ৰহৰী।দুইগৰাকী মাতৃৰ ৰক্ষাৰ দায়িত্ব আজি মোৰ।সেই দায়িত্বৰে অতি নিষ্ঠা আৰু সততাৰে কৰি আছো মোৰ কৰ্তব্য।মা অ' সম্মুখত যেতিয়া শত্ৰু সৈন্যই বোমা - বাৰুদেৰে আক্ৰমণ কৰে জাগি উঠে মাতৃ প্ৰেম।বুকুত জোৱাৰ উঠে দুই মাতৃৰ আশীৰ্বাদ আৰু অপাৰ সাহসৰ।সাহসী হৈ হাতত বন্দুক লৈ আগুৱাই যাওঁ আপোনাৰ ৰক্ষাৰ বাবে।
                 মা আপুনি চিন্তা নকৰিব মই দেশমাতৃক সদায় ৰক্ষা কৰিম।আপোনাৰ মমতা আৰু সাহসেৰে সদায় শত্ৰুক পলুৱাই পঠাম।নিদিওঁ শত্ৰুক মোৰ আইৰ পবিত্ৰ চোতালত মলিনতা সানিবলৈ।আই অ' আজি বৰকৈ মনত পৰিছে ! আপোনাৰ কোলাত এবাৰ মূৰটো থৈ টোপনি যাবলৈ বৰ হেঁপাহ অ'।অত দিনে লিখিবলৈ সময়য়েই পোৱা নাছিলো আজি লিখি পেলালো বুকুৰ আবেগবোৰ।আপোনাৰ আৰু দেউতাৰ মুখখন চাবলৈ বৰ মন গৈছে অ'।মোৰ পোনা দুটি কুশলে আছে নে?আই আমাৰ এওঁক ক'ব পোনা দুটিক শিকাবলৈ মাতৃ সেৱাৰ গুৰুত্ব আৰু সন্মান কিমান।কেতিয়াও মাতৃ সেৱাৰ অপমান আৰু অসন্মান কৰিবলৈ নিদিব।সিহঁতক ও মোৰ দৰে সীমান্তলৈকে পঠাব দুই মাতৃৰ ৰক্ষাৰ বাবে।আপুনি মহান মাতৃ আপোনাৰ পুত্ৰ দুই মাতৃৰ সেৱাৰ বাবে উচ্ছৰ্গা কৰিব পাৰিলে।শত বাৰ প্ৰণাম মা।
                 মা অ' আজিলৈ সামৰিছো দেই মোৰ কৰ্তব্যই মোক হাত বাউলি মাতিছে।দেউতাক মোৰ শ্ৰদ্ধা আৰু সেৱা জনাব।এওঁ আৰু পোনা দুটিক মোৰ মৰম জনাব।চিঠিৰ উত্তৰ ৰ আশা কৰিলো।
" জয় মা ভাৰতী"
                                                                           

                                                               ইতি
                                              
আপোনাৰ মৰমৰ 
                                                             সোণ


✍🏻 প্ৰিয়ংকা গায়ন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)