বৰ্ণিল জীৱন-অনন্ত কুমাৰ ভূঞা

বৰ্ণিল জীৱনৰ
কবিতা লিখা নাই,
পাখি কলম হেৰাল।

নিঃকিন হাতেৰে
চুই চাব নোৱাৰিলোঁ‌
কোমল শৰীৰ।

মৰমৰ বান্ধোন
ধৰি ৰাখিব নোৱাৰিলোঁ‌
এৰি গুচি গলা 
বহু দূৰ বাট ।

স্নিগ্ধ পুৱাৰ 
স্নিগ্ধ বতাহৰ মাজত,
এৰিলোঁ‌ সপোনৰ 
ভৰপুৰ মায়া ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send