স্বাস্থ্য-পাইলছ বা কেঁচুমূৰীয়া ৰোগৰ বিষয়ে জানিবলগীয়া

Rinku Rajowar
0
‘পাইলছ’ বুলিলে নজনা মানুহ বৰ কমহে ওলাব। হাটে-বাটে, বাতৰিকাকতত নানাধৰণৰ বহুতো বিজ্ঞাপন অনায়াসে চকুত পৰে। পশ্চিমৰ উন্নত দেশ যেনে আমেৰিকা আৰু ইংলেণ্ডত পঞ্চাশোৰ্ধৰ বয়সৰ ৫০ শতাংশৰো অধিক লোক পাইলছৰ ভুক্তভোগী বুলি জনা যায়। ভাৰতৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। ইয়াৰ প্ৰমুখ্য কাৰণ হ’ল লাজবশতঃ বহুতে চিকিৎসকৰ ওচৰলৈ নগৈ স্ব-চিকিৎসা কৰে নাইবা বেজ-কবিৰাজ আৰু ভুৱা ডাক্তৰৰ কাষ চাপে। গুৰুতৰ নহ’লে বহু সময়ত ৰোগৰ নিজেও উপশম ঘটে। পাইলছ অসুখত ৰোগীৰ মৃত্যু নহয়। কিন্তু পাইলছৰ বাহিৰে আন অসুখতো শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হ’ব পাৰে। বিশেষকৈ ক’লনৰ বা শৌচদ্বাৰৰ কেঞ্চাৰ, ক্ৰঞ্চ ডিজিজ, ইৰিটেবল বাৱেল ছিন্ড্ৰম আদিত। সেইয়ে লজ্জা ত্যাগ কৰি হ’লেও মলদ্বাৰেদি কম বা বেছি পৰিমাণে ৰক্তক্ষৰণ হোৱা লোকসকলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
 পাইলছ অসুখত মলাশয় আৰু শৌচদ্বাৰৰ ৰক্তপ্ৰবাহী নলীৰ পৰা কম বেছি পৰিমাণে ৰক্তক্ষৰণ হয়। পাইলছ দুই ধৰণৰ হ’ব পাৰে। বাহিৰত দেখা যোৱা External Piles  আৰু মলাশয়ৰ ওপৰৰ অংশত থকা Internal piles । আকৌ ইণ্টাৰনেল পাইলছক গুৰুত্ব অনুসৰি চাৰিটা পৰ্যায়ত ভগোৱা হয়। তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ ইণ্টাৰনেল পাইলছত সাধাৰণতে অপাৰেচনৰ প্ৰয়োজন হয়। অসমীয়াত পাইলছ অসুখক ‘কেঁচুমূৰীয়া’ ৰোগ বুলি জনা যায়।

পাইলছ হোৱাৰ সম্ভাৱ্য কাৰণসমূহ-
- শৌচ ঠিলা
- অতিমাত্ৰা শৌচ পনীয়া হোৱা (ক্ৰনিক ডায়েৰীয়া)
- মল বাহিৰ কৰোঁতে ৫ মিনিটৰ বেছি সময় বল প্ৰয়োগ কৰিবলগীয়া হোৱা।
- প্ৰষ্টেটৰ বিকাৰ হেতু প্ৰস্ৰাৱ কৰোঁতে বেছি বল প্ৰয়োগ কৰিবলগীয়া হোৱা।
- গৰ্ভৱস্থা আৰু সন্তান প্ৰসৱ
- মেদবহুলতা
- গধুৰ ওজন দাঙিবলগীয়া হোৱা
- বয়সৰ আধিক্য
- কম ফাইবাৰযুক্ত খাদ্য গ্ৰহণ
- পৰিয়ালৰ আন সদস্যৰ পাইলছ থকা

পাইলছৰ লক্ষণসমূহ-
 পাইলছ অস্বস্তিকৰ আৰু অসুবিধাদায়ক হ’লেও জটিলতা সৃষ্টি নোহোৱালৈকে সিমান বিপদজনক নহয়।
- শৌচৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ শৌচদ্বাৰেদি তেজ আৰু মিউকাচ নিৰ্গত হোৱা। তেজৰ পৰিমাণ সামান্য বা কিছু বেছিও হ’ব পাৰে।
- শৌচদ্বাৰত টেমুনা বা ঘা হোৱা
- শৌচদ্বাৰৰ খজুৱতি
- মলত্যাগ কৰোঁতে বিষ অনুভৱ হোৱা

পাইলছৰ জটিলতাসমূহ-
- পাইলছ ৰোগীৰ কাচিৎ ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা (এনিমিয়া) হ’ব পাৰে।
- এক্সটাৰ্নেল পাইলছৰ ৰক্তপ্ৰবাহ বন্ধ হৈ কষ্টদায়ক থ্ৰমবছিছ হ’ব পাৰে।
- পাইলছ অংশৰ বীজাণুৰ সংক্ৰমণ হ’ব পাৰে। 
- ইণ্টাৰনেল পাইলছ মলদ্বাৰৰ ভিতৰলৈ ঘূৰি নগ’লে গেংগ্ৰিন আৰু ষ্ট্ৰেংগুলেচন হ’ব পাৰে।

ৰোগৰ চিনাক্তকৰণ- অভিজ্ঞ চিকিৎসকে মলদ্বাৰ ভালদৰে নিৰীক্ষণ কৰি ৰোগ চিনাক্ত কৰিব পাৰে। চিকিৎসকে ইয়াৰ বাবে প্ৰক্টস্ক’প, কল’নোস্ক’পৰ সহায় ল’বলগীয়া হ’ব পাৰে। কেতিয়াবা বেৰিয়াম এনেমা এক্স-ৰে’ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিব পাৰে। ইয়াৰ দ্বাৰা ৰক্তক্ষৰণ আন কাৰণ বিশেষকৈ টিউমাৰ চিনাক্ত কৰাত সহায় হয়।

পাইলছৰ চিকিৎসা- দহ শতাংশ অপাৰেচনৰ প্ৰয়োজন হ’ব পাৰে। বাকী অধিকাংশ ৰোগীয়ে আন ব্যৱস্থাৱলীৰ দ্বাৰা ৰোগৰ উপশম ঘটায়। ৰোগ সামান্য হ’লে খোৱা-লোৱাত সতৰ্ক হ’লে নিজে নিজেও ভাল হ’ব পাৰে।

হিপ বাথ- দৈনিক ১০ৰ পৰা ১৫ মিনিট সময় দিনে ৩-৪ বাৰ শৌচদ্বাৰ কুহুমীয়া গৰম পানীৰ গামলাত সুমুৱাই সেক দিয়াটো উপযোগী
- লোকেল এনাচথেটিক, হাইড্ৰকৰ্টিচন আদি যুক্ত মলম বা চাপজিটৰিৰ ব্যৱহাৰ
- বিষৰ বাবে পেৰাচিটামল বা আইব্ৰুপ্ৰফেন দৰবৰ প্ৰয়োগ
- সতৰ্কতাপূৰ্ণভাৱে শৌচ ঢিলা হোৱা (Laxative) ঔষধৰ প্ৰয়োগ
- পাইলছ হোৱা ঠাইত শুকাই যোৱা ঔষধৰ বেজী দিয়া
- ৰাবাৰ বেণ্ডৰ দ্বাৰা গাঁঠিবন্ধন
- ইনফ্ৰাৰেড চিকিৎসা
- ক্ৰায়’ছাৰ্জাৰী
- অস্ত্ৰোপচাৰ (Hemorrhoidectomy)।

কিছুমান অতি লাগতিয়াল ব্যৱস্থাৱলী- 
- আঁহ থকা অৰ্থাৎ বেছি ফাইবাৰ যুক্ত খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰা
- জাংক ফুড, তেল-মচলা যুক্ত খাদ্য পৰিহাৰ কৰা
- পানী সদায় বেছিকৈ খোৱা-দিনটোত কমেও ১০ গিলাচ
- শৌচৰ অনুভূতি হ’লেই লগে লগে মল ত্যাগ কৰা
- নিয়মীয়া ব্যায়াম বা কচৰৎ কৰি পাক প্ৰণালীৰ নাড়ীসমূহ সবল ৰখা।

ঘৰুৱা উপচাৰ-
- ছালকুৱৰীৰ পাত (এল’ভেৰাৰ) পিচি লগালে পাইলছৰ উপশম ঘটে
- বিষ আৰু ফুলা কমাবলৈ বৰফ সেই ঠাইখিনিত লগাব পাৰে
- অলিভ অইল আৰু এলমণ্ড অইলৰ প্ৰয়োগ
- কল-গাখীৰ মিশ্ৰণ
- তিতা কেৰেলাৰ পিতিকা
- মূলাৰ ৰস
- মানিমুনি, ভেদাইলতা, মাটি কান্দুৰী আদি অতি উপযোগী শাকক নিয়মীয়া খাদ্যৰ তালিকাভুক্ত কৰা 
- মোৰ এজন বন্ধুৱে নিজা অভিজ্ঞতাৰ পৰা ওল কচু সেৱন কৰি উপকৃত হোৱা বুলি জনাইছে। কথাটো মই চিকিৎসক হিচাপে সম্ভৱপৰ বুলি বিশ্বাস কৰোঁ।

ডাঃ ভূপেন শইকীয়া  
উৎসঃ ফেচবুক 
    


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)