বিনামূলীয়া শিক্ষাব্যৱস্থা আৰু আমাৰ ভৱিষ্যত ১০~প্ৰবন্ধ-হেমেন হাজৰিকা

©Admin
0
এনে অৱস্থাত অসমৰ জনগণে নিজৰ সন্তানৰ ভৱিষ্যত , জাতিৰ ভৱিষ্যত তথা দেশৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ব্ৰিটিছে দি যোৱা ভুল চৰকাৰী শিক্ষানীতিৰ বিৰুদ্ধে সচেতন হৈ মাৰ বান্ধি থিয় দিব লাগিব | আমি প্ৰশ্ন উত্থাপন কৰিব লাগিব যে মাতৃভাষাৰে শিক্ষা ল'লে মানুহ শিক্ষিত হ'ব নোৱাৰে নেকি ? মাতৃভাষাৰে শিক্ষা গ্ৰহণ কৰিলে মানুহৰ দক্ষতা বিকাশ নহয় নেকি ? মাতৃভাষাৰে শিক্ষা ললে মানৱ সম্পদ সৃষ্টি নহয় নেকি ? আমি ভাৰতীয়ই একিয়াও কিয় ব্ৰিটিছ আমেৰিকাৰ গোলামী কৰি আছো ? চীন, ৰাছিয়া , জাপান, ইটালীল,ফ্ৰান্স , জাৰ্মানী ইত্যাদি দেশৰ মানুহে মাতৃভাষাৰে শিক্ষা গ্ৰহণ কৰি ইমান উন্নতিৰ পথত আগুৱাই গৈছে | লৰ্ড মেকলেৰ দৰে বগা চাহাবৰ কথা শুনি দিল্লী -দিছপুৰত বহি থকা ক'লা চাহাবৰ কথা শুনি আৰু লহতে তথাকথিত জাতীয় সংগঠনৰ নেতা বোৰৰ চক্ৰান্তত ভৰি দি আমি নিজৰ চিৰ চেনেহী ভাষা জননীক ইমানেই বেয়া পাই গ'লো নে? আমি আমাৰ সন্তানক ইংলিচ মিডিয়াম প্ৰাইভেট School ত পঢ়োৱাই একো একোটা ক'লা চাহাব মানে মেকলেৰ চিলড্ৰেন সৃষ্টি কৰিব পাৰিম , কিন্তু আমাৰ সন্তান কেতিয়াও প্ৰকৃতাৰ্থত শিক্ষিত হ'ব নোৱাৰিব , দক্ষতাপূৰ্ণ হ'ব নোৱাৰিব , মানৱ সম্পদ হ'ব নোৱাৰিব | আমাৰ সন্তান এনে হোৱাটো ইংলেণ্ড-আমেৰিকাই নিবিচাৰে , নহ'লে তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব | যেতিয়ালৈকে আমি বৰ্তমানৰ বৈষম্যপূৰ্ণ পুঁজিবাদী সমাজ ব্যৱস্থাক সলনি কৰি এখন সমতাপূৰ্ণ সমাজতান্ত্ৰিক সমাজ সৃষ্টি কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি শিক্ষাৰ নামত এক আজান মৰীচিকাৰ পিছত দৌৰি ফুৰিব লাগিব | আজি আমাৰ সন্মুখত অন্য কোনো বিকল্প নাই |
"ৰূপান্তৰেহে জগত ধুনিয়া কৰে " | জ্যোতি প্ৰসাদৰ এই আপ্তবাক্যক সৰোগত কৰিবলৈ আমি সকলো জাতি ধৰ্ম ভাষাৰ জনগণ ঐক্যবদ্ধ হৈ গোলামীৰ শিকলিডাল চিঙি পেলাব লাগিব আৰু এক সঁচা অৰ্থত স্বাধীন , গণতান্ত্ৰিক বিজ্ঞানসন্মত আৰু উৎপাদনমুখী নতুন শিক্ষাব্যৱস্থাৰ প্ৰৱৰ্তন সংগ্ৰামত চামিল হ'ব লাগিব | যি শিক্ষাব্যৱস্থাই পশ্চিমীয়া দুস্কৃতিৰ মায়াজালেৰে নতুন প্ৰজন্মৰ মন মগজু কোঙা কৰি গোটেই প্ৰজন্মৰ ভৱিষ্যত সংস্থাপনৰ বাট বন্ধ কৰি ৰাখিছে , পশ্চিমীয়া মদ-ভাং ড্ৰাগছ , পাপা -মাম্মী সংস্কৃতিৰ দেশীয় চহকী ঐতিহ্য পৰম্পৰাক ভৰিৰে মোহাৰি পেলাবলৈ শিকাইছে -সেই লংপেণ্ট , চাৰ্ট টাই ইয়াংকী শিক্ষা ব্যৱস্থাক সাৰপানী দি থকা ৰাজনৈতিক শক্তিবোৰক চিনাক্ত কৰি সমগ্ৰ ব্যৱস্থাটোক বৈপ্লৱিক পৰিবৰ্তন সাধন কৰিব নোৱাৰিলে ইতিহাসে আমাৰ কেতিয়াও ক্ষমা নকৰিব | আমাৰ আত্ম সমৰ্পন আৰু আত্ম প্ৰকাশৰ হিচাপ আমি এদিন ভৱিষ্যত প্ৰজন্মক দিব যে লাগিব সেয়া নিৰ্ঘাট সত্য ||

         সমাপ্ত

✍️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)