দাদা, কুশলে আছনে তই-হেমেন হাজৰিকা

0

দাদা

তই কুশলে আছনে  ?

তোৰ আঙুলীত ধৰি

কেনেকৈ কটাইছিলো

দিৱস--ৰাতি

আজি বৰকৈ মনত পৰিছে |

কিমান দিন হ'ল

তোৰ স'তে বহি

এসাজ ভাত খাব পোৱা নাই

 আনকি একাপ চাহ  |

 ৰঙা চাহকাপ বাকীলেই

 তোলৈ মনত পৰে  |

 কাকো একো কব নোৱাৰো

 বহু সুখৰ পিঞ্জৰাত বন্দী মই,

 নিৰৱধি নদীৰ দৰে বৈ আছো

তোৰ হৈ কথা ক'ব নোৱাৰাকৈ

মুক বধিৰ মই  |

আনৰ দৰে

হাজাৰ, হাজাৰ বেয়া হলেও

সি তেনেকুৱাই বুলি

ক'ব পৰা সাহসক

মই বন্ধকত থলো  |

কাক দুখিমনো  ?

দাদা

জানো অনেক ব্যস্ত তই

সকলোতে তই ময় কৰি লৈছ

সেয়া তোৰ প্ৰাপ্য  |

চাই, পঢ়ি 

ভালপাওঁ কথাবোৰ

মনে মনে গৌৰৱ কৰো

মই যে তোৰেই ভনী  |

মনৰ জোখাৰে সুখী হ তই

আৰু আগুৱাই যা

মাথো তই কুশলে থাক  ||


   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)