কাষৰ ৰুমৰপৰা শাহুয়েকৰ চিঞৰি চিঞৰি মতা মাতবোৰত তৃষ্ণা ই অসহ্য হৈ হাতত লৈ থকা মবাইলটো বিচনাত দলিয়াই দি ওলাই গ'ল শাহুয়েকৰ ওচৰলৈ। তাইৰ খঙবোৰ দেখুৱাব নোৱাৰি বাচনবোৰ ঘিতিং ঘাটাং কৈ কামবোৰ কৰি আছিল কিন্তু শাহুৱে বুজিব পাই বোৱাৰীৰ পিনে চাই কঠোৰ ভাষাৰে গালি পাৰিলে।ৰাতি শুৱৰ সময়ত গিৰিয়েকৰ ওচৰত কান্দি কান্দি কথাবোৰ বঢ়াই কৈছিল যদিও কোনো সঁহাৰি নাপায় গিৰিয়েকৰ খং আৰু তৃষ্ণা ৰ অভিমানৰ বাবে কোনেও কাৰো লগত নামাতাকৈ থাকিল যদিও কথাবোৰ গহীনভাৱে ভাৱি নিজৰ ভুলবোৰ উপলব্ধি কৰি ৰাতিপুৱা ব্ৰেকফাষ্টৰ টেবুলত শাহুয়েকক ক্ষমা খুজি নিজৰ
ভুলবোৰ স্বীকাৰ কৰি ক'লে ধন্যবাদ মা আপোনাৰ বাবেইতো ইমান ভাল এজন পতি পাইছো যিজনে মোক আপোন পিতৃ-মাতৃৰ দৰে মৰমবোৰ কৰে....
আপোনাৰ বাবেইতো তেনে এজন ভাল পতি পাইছো যি জনে মোৰ প্ৰতিটো কথাৰ খেয়াল ৰাখে....
তেতিয়া হ'লে সেইজন আপোন মানুহৰ মাতৃ আপুনি কেনেকৈ পৰ হ'ব পাৰে...?
লাভ ইউ মা....
পত্নীৰ বুদ্ধিমতী উত্তৰ শুনি মাকৰ মুখত সন্তুষ্টিৰ হাঁহি দেখি গৰ্বৰে হাঁহি হাঁহি চাই থাকিল পত্নীৰ মুখলৈ....
ৰিচামণি আকতাৰা
সংগ্ৰহ ফেচবুক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ