শোক বাৰ্তা

Rinku Rajowar
0
প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন আৰু নাই। দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান কংগ্ৰেছ নেতাগিৰীয়ে। ৭ টা কাৰ্যকালৰ বিধায়ক ডাঃ ভূমিধৰ বৰ্মন, ১৯৬৭ চনত প্ৰথমবাৰলৈ অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত তেওঁ কিছুদিনৰ বাবে অসমৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ মূৰ পাতি লৈছিল। ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৪ মে'লৈ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰিছিল ডাঃ ভূমিধৰ বৰ্মন। বেলশৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ পাতনি মেলা ডাঃ বৰ্মন, ১৯৫১ চনত টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল। তদুপৰি ১৯৫৩ চনত কটন কলেজৰ পৰা আই.এছ.চি. পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৫৮ চনত তেওঁ এম.বি.বি.এছ. পৰীক্ষাত উত্তীৰ্ণ হয়। দীৰ্ঘদিন যাৱত অসমৰ ৰাজনীতিত সুস্থ বাতাবৰণ ধৰি ৰাখিবলৈ সক্ষম হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মহীৰূহ স্বৰূপ ডাঃ ভূমিধৰ বৰ্মন প্ৰকৃতাৰ্থত এগৰাকী দক্ষ আৰু বিচক্ষণ ৰাজনীতিবিদ আছিল। কেইবাটাও কাৰ্য্যকালৰ কেবিনেট মন্ত্ৰী ডাঃ বৰ্মন এজন নিৰ্ভীক, নিৰপেক্ষ, স্পষ্টবাদী, সমাজৰ সুচিন্তক তথা গৰীবৰ বন্ধু আছিল। সহজ-সৰল মনৰ এই গৰাকী ৰাজনেতাই জীৱদ্দশাতে তেওঁ অনবদ্য অৱদানৰে ৰাজ্য তথা ৰাজ্যবাসীক শ্ৰীমন্ত কৰি থৈ গৈছে। প্ৰয়াত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অৰ্থাৎ ১৯৯২ চনত চনত যেতিয়া ৰাজ্যৰ একাংশ ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল তেতিয়া এইগৰাকী মহান জন নেতাই পৰিস্থিতি নিয়ন্ত্ৰণ আৰু শান্তি প্ৰতিষ্ঠাৰ হকে নাখাই-নবৈ, দিন-ৰাতি একাকাৰ কৰি নিৰন্তৰ প্ৰচেষ্টা চলাই গৈছিল।  তেনে এজন উদাৰ মনোবৃত্তিৰ ৰাজনীতিজ্ঞৰ মহাপ্ৰয়াণৰ খবৰে আমাক ব্যথিত কৰিছে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ ডাঃ ভূমিধৰ বৰ্মন দেৱে জীৱিতকালত দেখুৱাই যোৱা নিৰপেক্ষ দৃষ্টিভংগী আৰু মূল্যবোধৰ ৰাজনীতি প্ৰতিজন ৰাজনীতিবিদ তথা যুৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব।

🖋️জুলহাছ আলী আহমেদ
    জাগীৰোড, মৰিগাঁও (অসম)
    দূৰভাষ : ৯৭০৬৬-৬৬১৯২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)