আমানিশাৰ আন্ধাৰ~ৰুমী কলিতা দত্ত

অ' মা...
মা... বিহু দেখোন পালেহিয়েই অ' ...দেউতাই দেখোন একোকে আনি দিয়া নাই অ' মা।
ওচৰৰ বৰদেউতাহঁতে দেখোন বিহুৰ বজাৰ কৰিলেগৈ ।
এৰা হয়তো...দিপ্তীয়ে মনে মনে ভাবিলে ।ঘৰখন চলাবলৈয়ে দেখোন বহুত টকা লাগে   নতুন কিবা এটা কৰাৰ কথা ভাবিবই নোৱাৰি ।দিন-হাজিৰা কৰি কৰি তাই সিহঁত দুয়োটাৰ পঢ়াৰ খৰছো কৰিব লাগে।
.জীয়েকৰ মুখলৈ চাই লাহেকৈ কʼলে---

তই চিন্তা নকৰিবি অ' সোণ ।
দেউতাৰে অমূল্য সময়বোৰ অবাবত নষ্ট কৰিলেও মই তহঁতৰ বাবে দেহে-কেহে খাটিছোঁ।
পদুলিৰ কপৌজুপিৰ  সুকোমল পাহিটি অহাৰ বাতৰি পাই মই তহঁত দুয়োৰে বাবে  মনেমনে যা-যোগাৰ কৰি আছোঁ ।
তোৰ বাবে এযোৰ গামখাৰু আৰু ভাইটিৰ বাবে এখন বিহুৱান মই যেনেতেনে আনি দিম । নিতৌ বৰমাৰ ঘৰত কাম কৰা টকাকেইটা এইবাৰ তহঁতৰ বাবে ৰাখি থৈছোঁ।

 তহঁত  দুয়োটাই সমনীয়াৰ স'তে আনন্দেৰে বিহুটিত নাচিব পাৰিবি 
আমাৰ কৃষ্টি-সংস্কৃতি বোৰ তহঁত মখাই জীয়াই ৰাখিব লাগিব সোণ ।
দেউতাৰ দৰে নিজকে কু-অভ্যাসৰ মাজত বিলীন কৰি নেপেলাবি ।
তহঁত দুয়ো মোৰ আশাৰ দাপোন , দেশৰ  ভৱিষ্যৎ সোণ ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send