গল্পৰ দৰে জীৱন(২)- তুমি মৃত্যুঞ্জয়-দুলুমণি গগৈ

©Admin
0
 সম্পূৰ্ণ এঘাৰটা মাহৰ কঠিন প্ৰশিক্ষণৰ শেষত ২০১৯ চনৰ জানুৱাৰীত কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ কাষৰীয়া গান্দেৰবাল জিলাত মৃত্যুঞ্জয়ক নিয়োজিত কৰা হৈছিল। চি আৰ পি এফৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰা মৃত্যুঞ্জয়ে এবাৰ অসম চৰকাৰৰ লোকসেৱা আয়োগৰ পৰীক্ষাতো অৱতীৰ্ণ হৈছিল। অন্তৰৰ এটা কোণত সাঁচি ৰাখিছিল এজন প্ৰশাসনিক পদাধিকাৰী হোৱাৰ বাসনাও। হয়তো খেয়ালি মনৰ এই জীৱন নামৰ ভটিয়নি নাৱৰ নাৱৰীয়াই অনুমতি দিলে অনাগত দিনবোৰত তেওঁ সেই বাসনাও পূৰ্ণ কৰিব পাৰিলেহেঁতেন।

     পুনৰ ২০২০ চনত অনুষ্ঠিত অসম চৰকাৰৰ পুলিচ বিভাগৰ এছ আইৰ নিযুক্তি পৰীক্ষাতো অৱতীৰ্ণ হৈছিল। প্ৰথম বাৰৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈ পৰীক্ষা বাতিল হয়। সেই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ২০২০ চনৰ অক্টোবৰতেই তেওঁ ঘৰলৈ আহিছিল। সেই পৰীক্ষা দি পুনৰ নিজৰ দায়িত্ব পালন কৰিবলৈ উভতি গৈছিল। 

     কৰ্মক্ষেত্ৰৰ পৰা প্ৰতিবাৰেই ঘৰলৈ ফোন কৰিলেই মাক-দেউতাকক অতি হেপাঁহৰ আৰু আটকধুনীয়াকৈ নিৰ্মাণ কৰি থকা ঘৰটোৰ বিষয়ে সুধিছিল। হয়তো মনত সাঁচি থোৱা কল্পনাৰ অট্টালিকাটোৰ সৈতে একে হৈছে নে নাই তাৰে উমান ল'ব খুজিছিল।  

     ইফালে তেওঁৰ কৰ্মক্ষেত্ৰতো, অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত পুনৰ্গঠন প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা দুয়োটা কেন্দ্ৰীয় শাসিত অঞ্চলত জিলা উন্নয়ন পৰিষদৰ বা চমুকৈ দিদিচি(DDC) ৰ নিৰ্বাচন আহি পৰিল। এই সদ্যগঠিত জিলা উন্নয়ন পৰিষদসমূহ বা DDC সমূহ চলিত বৰ্ষৰ ১৬ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ ক্ৰমেহে অস্তিত্বলৈ আহিছে। তাৰ বাবে জম্মু কাশ্মীৰৰ পঞ্চায়তীৰাজ আইনৰ সংশোধন ঘটোৱা হয়। বৰ্তমান দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হোৱা লাডাখ আৰু জন্মু-কাশ্মীৰৰ মুঠ ২০ খন জিলাত প্ৰতিখনতে ১৪ জনকৈ সদস্যৰ বাবে হোৱা এই জিলা উন্নয়ন পৰিষদৰ সমষ্টিসমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল। দেশখনৰ আন আন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সমান পৰ্যায়ত অৱস্থান কৰাৰ লগে লগে কাশ্মীৰৰ মুল ৰাজনৈতিক পৰিস্থিতিৰ বাবে এই দিদিচি নিৰ্বাচন আছিল অতি গুৰুত্বপূৰ্ণ । যিহেতু নতুন কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়ালৈকে লেজিচ্‌লেটিভ এচেমব্লীৰ নিৰ্বাচন অনুষ্ঠিত কৰা হোৱা নাই, সেয়েহে এই পৰিষদৰ সদস্যসকলেই বৰ্তমান উন্নয়নমূলক আঁচনিসমূহ গ্ৰহণ কৰিব। । মেহবুবা মুফটিৰ পিডিপি আৰু বিজেপিৰ সন্মিলিত চৰকাৰৰ পৰা বিজেপিয়ে সমৰ্থন ঘূৰাই লোৱাৰ পাছত ২০১৮ চনৰ জুন মাহৰ পৰা জম্মু-কাশ্মীৰত ৰাজ্যপালৰ শাসন চলি আছিল । পুনৰ ছমাহৰ পাছৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰপতি শাসনত সুদীৰ্ঘ সময়ৰ বাবে থকাৰ অন্তত ২০১৯ চনৰ অক্টোবৰত কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হয় । তাৰ পাছত লেঃ গৱৰ্ণৰৰ অধীনত থকা প্ৰদেশ দুখনত এই দিদিচিৰ নিৰ্বাচনে বিশেষ গুৰুত্ব লাভ কৰে। জম্মু কাশ্মীৰত কেন্দ্ৰীয় চৰকাৰৰ বিজেপি দল প্ৰমুখ্যে আন আন দল সমূহ নিৰ্বাচনলৈ সাজু হৈছিল। পঞ্চায়তৰ নিৰ্বাচন আছিল দলীয় ৰাজনীতিৰ বাহিৰত। কিন্তু জিলা উন্নয়ন পৰিষদৰ বাবে দলীয় ৰাজনীতিৰ কুচ-কাৱাজ ঘটিল আৰু জিলাই প্ৰতি এই ১৪জন সদস্যৰ বাবে বহু ক্ষমতাশালী নেতাই দলীয় ৰাজনীতিৰ প্ৰতিনিধিত্ব কৰি নিজৰ মনোনয়ন দাখিল কৰিলে। তৃণমূল পৰ্য্যায়ৰ উন্নয়নমূলক আঁচনি গ্ৰহণ আৰু কাৰ্যকৰী কৰাৰ দায়িত্ব পালন কৰিবলগীয়া এই সদস্যসকলক নিৰ্বাচন কৰিবলৈ প্ৰত্যক্ষ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো বহুতো নেতা, সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ চলিয়েই থাকিল। এক অভেদ্য দূৰ্গৰ দৰে হৈ পৰা এই পৰিস্থিতিতো সন্ত্ৰাসবাদী সন্দেহত বহু লোকক গ্ৰেপ্তাৰ কৰা হ'ল। 

       যোৱা ২৮ নৱেম্বৰ, ২০২০ ত আৰম্ভ হৈ ১৯ ডিচেম্বৰ, ২০২০ত অন্ত পৰা এই জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ আঠোটা পৰ্যায়ৰ ভোট গণনা কেন্দ্ৰ সমূহৰ সুৰক্ষাৰ বাবেও সশস্ত্ৰ সুৰক্ষা বাহিনী সমূহ নিযুক্ত কৰা হ'ল। 

  ইমান খিনিলৈকে সকলো ঠিকেই আছিল।

     ইং ২৩/১২/২০২০ বুধবাৰৰ দিনা কাশ্মীৰৰ গান্দেৰবাল জিলাৰ দুদেৰহামৰ সদাব্যস্ত তৌহিদ চ’কত এটা চিআৰপিএফৰ দলে পহৰা দি আছিল। চি আৰ পিএফ বাহিনীৰ এ এছ আই নিতাৰা পাল সিং , মৃত্যুঞ্জয় আৰু আন দুজন কনিষ্টবলে এটা বাংকাৰত কৰ্তব্যৰত অৱস্থাত থাকোঁতে ওচৰতে এজন পুলিচ বিষয়া আৰু এজন গ্ৰামোন্নয়ন বিভাগৰ চাকৰিয়ালো ৰৈ আছিল। তেনেতে , কোনো সন্ত্ৰাসবাদী সংগঠনৰ অচিনাক্ত দুৰ্বৃত্তই এটা গ্ৰেনেড কাষৰ পৰাই..... হয়তো খুব কম দূৰত্বৰ পৰাই , দলিয়াই থৈ পলাই গৈছিল । আটাইকেইজন আহতকে শ্ৰীনগৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

       সন্ত্ৰাসবাদীয়ে চিআৰপিএফৰ তহলদাৰী দলটোলৈ নিক্ষেপ কৰা গ্ৰেনেড বিস্ফোৰণৰ ফলত তিনিজন চি আৰ পি এফৰ জোৱান গুৰুতৰভাৱে আহত হয়। 
তাৰ ভিতৰতে অতি সংকটপূৰ্ণ হৈ পৰিছিল ধেমাজিৰ চিচিবৰগাঁৱৰ এই ডেকাজন।
     
    আটাইকেইজন আহতকে শ্ৰীনগৰৰ শেৰ এ কাশ্মীৰ ইন্সটিটিউট অৱ মেডিকেল চাইন্সৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। 

   অন্তৰংগ বন্ধুক হেনো কৈছিল,-
-"তই বিয়া পাত। মই 'ছাতিধৰা' হৈ যাম।"

 বন্ধুসকলৰ আগত নিজে সুন্দৰকৈ নিৰ্মাণ কৰা ঘৰটোৰ সন্মুখলৈকে পথছোৱা ভাল নোহোৱা বুলি কৈ দুখ কৰা মৃত্যুঞ্জয়ে দুনাই আৰু সেই পথেদি চিচিবৰৰ গেলুৱাৰ ঘৰখনলৈ উভতি আহিব লগা নহ'ল। 
অন্তিমবাৰৰ বাবে ঘূৰি আহোঁতে কফিনৰ ভিতৰত শুইহে আহিবলগীয়া হ'ল। 

 ---"দিনটোৰ ভাগৰে জুমুৰি দি ভাগৰুৱা কৰি তোলে।
কিন্তু ৰাতি বাৰবজাত ফোন কৰিলেও সমনীয়াহঁতৰ লগত কথা নপতাকৈ নাথাকে!"- বন্ধুসকলে কয়।
এতিয়া যে মাতি মাতিও মাত নাপালে বন্ধুহঁতে।‌ 
জ্যেষ্ঠ ভাতৃৰ বিবাহ সম্পন্ন হোৱাৰ পাছত নিজৰ বিবাহৰ আশা বুকুত বান্ধি অসংখ্যজনক কন্দুৱাই তেওঁ আঁতৰি গ'ল। মাতৃৰ বুকু সুদা কৰি দুদু দেশৰ বাবে শ্বহীদ হ'ল।
 
      হয়, মগজুত আঘাত কৰা স্প্লীন্টাৰসমূহ অশেষ কষ্ট কৰিও ডাক্তৰে উলিয়াই আনিব নোৱাৰিলে।
     চৌবিশ ডিচেম্বৰ, বৃহস্পতিবাৰৰ দিনা শ্ৰীনগৰৰ SKIMS Soura ৰ টাৰচিয়াৰি কেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰা চৌবিশ বছৰীয়া মৃত্যুঞ্জয়ক বিশেষ বিমানেৰে লৈ অহা হৈছিল ডিব্ৰুগড়ৰ মোহনবাৰী এয়াৰপৰ্টলৈ। তাতেই চিআৰপিএফৰ তৰফৰ পৰা শেষ সন্মান প্ৰদৰ্শন কৰি তেওঁৰ নশ্বৰদেহ লৈ যোৱা হ'ল ধেমাজিৰ চিলাপথাৰৰ গেলুৱা গাঁৱত অৱস্থিত তেওঁৰ পিতৃৰ ঘৰখনলৈ। সেই ফুল কুমলীয়া অসম সন্তানটিৰ জীৱন বন্তি অকালতে নিৰ্বাপন কৰি সেই সন্ত্ৰাসবাদীহঁতৰ কি স্বাৰ্থ সিদ্ধি হ'ল- সেয়া হয়তো অদৃষ্টইহে জানিব। কিন্তু সদ্যহতে এই চৌবিশ বছৰীয়া জীৱনটোৰ আদৰ্শৰে যে অসমৰ সহস্ৰাধিক যুৱকে নিজৰ জীৱন গঢ়াৰ পণ ল'ব সেয়া ধুৰূপ। তাৰ প্ৰমাণ স্বৰূপে তেখেতৰ মৃতদেহটো ডিব্ৰুগড় আহি পোৱাৰ পাছৰে পৰাই সকলোৱে যিদৰে গৌৰৱেৰে শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নাম চিৰযুগমীয়া হোৱাৰ জয়ধ্বনি দিছিল, তাৰ কথা ক'ব পাৰি। সকলো শোকত ভাগি পৰিছিল । চি আৰ পি এফৰ উচ্চপৰ্যায়ৰ বিষয়াইও দোহাৰিলে,-
 " ......মাত্ৰ দুটা বছৰৰ কাৰ্যকালতেই মৃত্যুঞ্জয়ে নিজৰ অদম্য সাহসেৰে যথেষ্ট সুনাম অৰ্জন কৰিছিল ..."
    বীৰ সৈনিকৰ নিথৰ দেহটোৰ চাৰিওকাষে সিঁচৰতি হৈ পৰি থকা ফুলবোৰে যেন কৈ উঠিছিল,
            হে মৃত্যুঞ্জয়,
              তোমাৰ চিতাৰ জুইত
            আমাকো জাহ যাবলৈ দিয়া,
             এক মাতৃৰ আদৰ নেওচি
              দেশ মাতৃৰ আদৰ ল'লা, 
             বুকুৰ জীয়া তেজ সিঁচি দিয়া....... ।। ‌‌ 
               বীৰ সৈনিক অনেক আছে, তুমি ব্যতিক্ৰম।
             মেধা আৰু সাহস- শিৰৰ মুকুট তোমাৰ!!            
          সেই গুণৰেই অধিকাৰী হওক আজি অসমীয়া....
             তোমাৰ সৈতে আমাকো 
            সমাধিস্থ হোৱাৰ অধিকাৰ দিয়া
          তোমাৰ সৈতে পুনৰ্জন্ম লৈ 
          মাতৃভূমিৰ হকে প্ৰাণ আহুতি দিওঁ সহস্ৰবাৰ......।    

   পিতৃ-মাতৃয়ে চেনেহৰ সৰু পুত্ৰৰ মৃতদেহটো দেখি কান্দিবলৈ পাহৰিলে ..... জ্যেষ্ঠ ভাতৃৰ বুকুত গধুৰ শিলৰ দৰে এবোজা বেদনা। তেওঁ নীৰৱে সকলো কৰ্তব্য পালন কৰি গ'ল। তাত উপস্থিত থকা দুদুৰ বন্ধু-বান্ধৱ সকলৰ শোকৰ বৰ্ণনা দিয়াটো সম্ভৱেই নহয়। জিলাৰ উচ্চপৰ্যায়ৰ বিষয়াসকলৰ উপস্থিতিত, সহস্ৰাধিক গুণমুগ্ধ জনতাৰ সন্মুখত সামৰিক মৰ্য্যদাৰে বীৰ শ্বহীদ জনৰ শেষকৃত্য সম্পন্ন কৰা হয়। শ্বহীদৰ সমাধিত খোদিত হৈ ৰ'ল-
       মৃত্যুঞ্জয় চুতীয়া(১৯৯৬-২০২০)

  অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যোৱা এটা দলেও তেওঁৰ বাসভূমিত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ আৰ্থিক অনুদান আগবঢ়ায়। তেওঁৰ সমাধিস্থলৰ কাষত এখন শিশু উদ্যান নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। 

  গ্ৰেনেড বিস্ফোৰণৰ সময়ত মৃত্যুঞ্জয়ৰ সৈতে গুৰুতৰভাৱে আহত হোৱা এ এছ আই নিতাৰা পাল সিঙৰো SKIMS(Sher-E-Kashmir Institue of Medical Sciences)Soura ৰ হস্পিটেলত ছদিনৰ দিনা অৰ্থাৎ ইং ২৯/১২/২০২০ মঙ্গলবাৰে বীৰগতি লাভ হয়। 
 চৌবিশ বছৰীয়া জীৱনটোৱে সামৰিব নোৱাৰা কামবোৰ থাকি গ'ল ....... কিন্তু বহু দীঘলীয়া জীৱনৰ অন্ততো এটা সৎ কাম কৰি মানুহৰ মনত সাঁচ ৰাখি যাব নোৱাৰা সকলক শিকাই গৈছে - জীৱনৰ দৈৰ্ঘ্য কামেহে নিৰ্ধাৰণ কৰে। জীয়াই থকা হ'লে হয়তো মৃত্যুঞ্জয়ে নিজৰ জীৱন-কাহিনীৰে বহুজনক উদ্বুদ্ধ কৰি ক'লেহেঁতেন- মোৰ কৰ্মময় জীৱনটো যাপন কৰি ভাল লাগিল। তেখেতৰ অবৰ্তমানত সেই মহান জীৱনক মোৰ শব্দাৰ্ঘ্যৰে প্ৰণিপাত জনালোঁ ।

সমাপ্ত

(🙏 শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ জীৱনৰ আধাৰত। ভুল ত্ৰুটিৰ বাবে ক্ষমাপ্ৰাৰ্থী )

✍️দুলুমণি গগৈ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)