গছ ডাঙৰ নে মানুহ ডাঙৰ-প্ৰৱন্ধ~মানস প্ৰতীম মালী

©Admin
0
যেতিয়া কিছুমান মানুহে অতিকৈ প্ৰয়োজন নহ'লেও গছ কটা দেখা পাওঁ তেতিয়া মনতে প্ৰশ্ন হয় , গছ ডাঙৰ নে মানুহ ডাঙৰ ? সৰু লৰা ছোৱালীক কোৱা হয় জীৱ হত্যা মহা পাপ  , কিন্তু জীৱ হত্যা মহাপাপ বুলি কোৱা মানুহজনেই গছ কাটোতে পাহৰি যায় যে সেই গছজোপাও যে এটি জীৱ । 
               
এতিয়া প্ৰশ্নটো হল গছ ডাঙৰ নে মানুহ ডাঙৰ ?
গছ এডাল ৰোপণ কৰাৰেপৰা গছডালৰ গুৰিত সাৰ পানী দি গছডাল ডাঙৰ কৰোটে বহুত সময়ৰ প্ৰয়োজন , কিন্তু সেই একেডাল গছ কাটোতে কিন্তু বেছি সময় নালাগে । 
যিকোনো বস্তু এটা গঢ়িবলৈ বহুত টান কিন্তু ভাঙিবলৈ অতি সহজ । 
                 প্ৰয়োজনতহে গম পোৱা যায় সৰু , অকনমানি বস্তু এটাৰো মূল্য কিমান । যেনেকৈ এটোপ এটোপকৈ পানী পৰি নৈ বয় , তেনেকৈ কিন্তু এডাল এডালকৈ গছ কাটি গৈ থাকিলে এসময়ত গছৰ লগতে আমি সকলো নাইকিয়া হৈ যাব লাগিব । 
                হয়তো বহু মানুহে ক'ব গছতকৈ মানুহ ডাঙৰ , মানুহে গছৰ পুলি ৰোপণ কৰিলেহে গছ হ'ব ‌ । মানুহ নহ'লে গছো জীয়াই থাকিব নোৱাৰে ।
                 কিন্তু মানুহ আৰু গছ দুয়োটাই ডাঙৰ । মানুহ আৰু গছ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল । কিন্তু কিছুমান  ক্ষেত্ৰত মানুহতকৈ গছ ডাঙৰ । পৃথিৱীত যিমান জীৱ আছে সকলোতকৈ শ্ৰেষ্ঠ মানুহ । মানুহেই হৈছে সৰ্বশ্ৰেষ্ঠ জীৱ ।
              কিছুমান ক্ষেত্ৰত মানুহতকৈ গছ ডাঙৰ । গছে কেতিয়াও মানুহক ধংশ নকৰে কিন্তু মানুহে
গছ কাটে । মানুহে গছৰ পুলি ৰোপন কৰি , সাৰ পানী দি গছজোপাক ডাঙৰ কৰে , কিন্তু তাৰ পৰিৱৰ্তে গছজোপা ডাঙৰ হৈ মাথোঁ আনৰ ভালৰ বাবে জীয়াই থাকে । গছ  মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয় , গছ এজোপাই অক্সিজেন যোগান ধৰাৰ লগতে সকলোৰে বাবে ক্ষতিকাৰক গেছ মানুহে নিশাহত এৰি দিয়া কাৰ্বন -ডাই -অক্সাইড গেছ গ্ৰহণ কৰে ।  
তাৰোপৰি গৰমৰ দিনত গছ এজোপাৰ তলত জিৰণি লব পাৰি ।  গছ সকলোৰে বাবে বহুত উপকাৰী ,  গছে মানুহক কৰা উপকাৰৰ তুলনাত গছৰপৰা কিবা অপকাৰ হোৱা পৰিমাণ অতি নগন্য ।
              তথাপিও সৰ্বশ্ৰেষ্ঠ জীৱ মানুহেই গছ কাটে । গছ কটা মানুহজনৰ মনত সদায় গছতকৈ মানুহ ডাঙৰ হয় । 
                ঘৰত কিবা এটা সৰু বস্তু বহুকেইটা থাকিলেও সময়ত যেতিয়া বিচাৰি পোৱা নাযায় , তেতিয়া বুজা যায় সেই সৰু অকণমানী বস্তুটোৰো প্ৰয়োজন কিমান । 
বহুবাৰ বিচাৰিও নোপোৱাৰ পাছত হয়তো বস্তুটো কৰোবাৰপৰা লৈ 
আনিব পাৰি ‌।
কিন্তু পৃথিৱীত গছ  নোহোৱা হলে কি কৰিব ..........
তেতিয়া গছতকৈ মানুহ ডাঙৰ বুলি কোৱা মানুহবোৰ গছ অবিহনে জীয়াই থাকিব পাৰিবনে ? 
পানী যেনেকৈ আমাৰ প্ৰাণ , ঠিক তেনেকৈ গছো আমাৰ সকলোৰে আপোন । গছ থাকিলেহে আমি মানুহবোৰো জীয়াই থাকিম ।
                 গছৰ পুলি ৰোপণ কৰি সঠিক যত্ন লৈ গছপুলি ডাঙৰ কৰাটো আমাৰ সকলোৰে লক্ষ হোৱা উচিত । কাৰণ গছ থাকিলেহে
আমি সকলো জীয়াই 
থাকিব পাৰিম ।  
নিজে গছ এজোপা ৰোপণ কৰি ভালদৰে যত্ন লৈ গছজোপা ডাঙৰ কৰিলেও মনত বহুত আনন্দ
পোৱা যায় ।
                 আমি কোনো অমৰ নহয় , কোন কেতিয়া মৰিব লাগে আমি কোনেও নাজানো , আমাৰ মৃত্যুৰ পাছত আমাক সকলোৱে পাহৰি যাব , কিন্তু কিছুমান ভাল কামৰ স্মৃতিয়ে আমাৰ মৃত্যুৰ পাছতো মানুহে মনত ৰাখিব ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)