যি কঢ়িয়াই বুকুৱে বুকুৱে
সঁচা প্ৰেমৰ বাৰ্তা !
জৰাজীৰ্ণ পথ,
সুউচ্চ পাহাৰ, সেউজীয়া পথাৰ, সুগভীৰ অৰণ্যতো
সজীৱ সপোনে আজি
হাত বাউলি মাতে,
কুলি, কেতেকীৰ মিঠা কুঞ্জনতো উদ্ভাষিত হয়
নতুন আশা।
এয়া ব'হাগৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হোৱাৰ সময়।
বৰদৈচিলা জনীৰ আগমণে বসন্ত উৎসৱৰ
আনিলে বতৰা,
উৎসৱৰ ৰাগিত আত্মহাৰা সকলো,
আমাৰ ধমনীত প্ৰবাহিত সেয়েহে সৃষ্টিশীল
নতুন প্ৰেৰণা,
পথৰুৱা বন্ধু মোৰ,
জীৱনৰ জীয়া দুখ বোৰ আঁতৰাই
আমাৰ হৃদয়বোৰ জীপাল কৰোঁ আহা,
সমাজৰ কলুষিত, মিথ্যাচাৰ, ভণ্ডামি আৰু
অন্ধ বিশ্বাসৰ পতন ঘটাই
ব'হাগতে লওঁ আহা পণ
সততা, সৰলতা আৰু আত্মীয়তাৰে উজ্জ্বলাই তোলোঁ
আমাৰ প্ৰিয় কৰ্মভূমি !
স্বাৰ্থপৰতা, খিয়লা-খিয়লি
মনোভাৱ ত্যাগি
"শ্ৰীময়ী অসমী" ৰ
বুকুতেই গঢ়োঁ
ঐক্য আৰু সংহতিৰ
মিলনভূমি!!
🖋️ৰীতামণি বৰদলৈ।
(গুৱাহাটী)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ