বুকুখন তাৰ থৰ থৰকৈ কঁপিব ধৰিছে । মোবাইলডালো এইখিনি সময়ত বেয়া হ'ব লাগেনে বাৰু ! ইতিমধ্যে হাতৰ ঘড়ীটোৱে নিশা দহ বজাৰ ইংগিত দিলে । সি বৰ শংকাৰে আগবাঢ়ি থাকিল । সুদীৰ্ঘ দুবছৰৰ পিছত আজি সি নিজৰ ঘৰলৈ উভতিছে । বেংগালুৰুৰ পৰা বিমানেৰে আহি মাতৃভূমি অসমত ভৰি দিয়েহি সন্ধিয়া সাত বজাত । তাৰপৰা এখন নৈশ বাছেৰে আহি কোনোমতে তাৰ গাওঁখনিলৈ যোৱা তিনি আলীৰ চুকটোত নামি ঘৰলৈ বুলি পদযাত্ৰা আৰম্ভ কৰি দিলে । চুকটোৰ পৰা গাওঁখনৰ দূৰত্ব দুই কিলোমিটাৰ মান হ'ব ।
আজিৰ পৰা দুই বছৰৰ আগৰ কথাখিনি সি মনত পেলাই গৈ থাকিল । হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত তাৰ শিক্ষাগুৰুসকলৰ প্ৰসংশা , তাৰ মা- দেউতাৰ চকুৰপৰা বৈ পৰা আনন্দ অশ্ৰু , প্ৰতিবেশী অাৰু গাঁৱৰ মানুখিনিৰ মৰম ও আশ্বীস , এই সকলোখিনিয়েই যেন পাহৰাই পেলাইছিল তাৰ দিনে-নিশাই একাকাৰ কৰি পঢ়াত বহাৰ কথা, মায়ে নিজে লঘোনে থাকি পঢ়াৰ টেবুলত দি থৈ যোৱা গাখীৰ গিলাচৰ কথা, ঘৰখন চলোৱাৰ বাবে দেউতাকে দেহৰ ঘাম মাটিত পেলায় কৰা কঠোৰ পৰিশ্ৰমৰ কথা । ঘৰখনক এক আনন্দময় পৰিৱেশে আগুৰি ধৰিছিল । তাৰ কিছুদিন পিছতেই চহৰৰ এখন ভাল কলেজত দেউতাকে তালৈ সাঁচি ৰখা টকাৰে নাম লগাই দিছিল । তাক হোষ্টেলত থাকিবলগীয়া হৈছিল । সেই একেদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাখনতো প্ৰথম বিভাগত উৰ্ত্তীণ হয় সি পুনৰ সকলোৰে মনলৈ এটি আনন্দৰ ঢৌ কঢ়িয়াই আনিছিল । সি সেইখন কলেজৰ পৰাই অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰিছিল ।
কিন্তু ঘৰলৈ উভতিহে বজি উঠিছিল যে ঘৰখনত ভেটিখিনিৰ বাহিৰে সকলো শেষ । দেউতাও শাৰীৰিক ও মানসিক ভাৱে প্ৰায় ভাগি পৰিছিল । মাৰ অৱস্থাও সিমান ভাল নাছিল । সেয়েহে সি কিবা এটা চাকৰি পোৱাৰ মানসেৰে অফিচে অফিচে দৌৰি ফুৰিছিল। কোনোমতে ঘৰখন চলাবলৈ টিউচনো আৰম্ভ কৰি দিছিল । কিন্তু ক'তো ফল ধৰা নাছিল ।
মাক-দেউতাৰ অৱস্থা, ঘৰখনৰ শোচনীয়তাই তাৰ অন্তৰখনক বাৰুকৈয়ে আঘাত কৰিছিল , ভগৱানক অশ্ৰু নয়নে ক'ত প্ৰাৰ্থনা জনাইছিল তাৰ হিচাপ নাছিল, কেতিয়াবা লগৰৰ ঘৰত খাই আহিছো বলি মাৰ আগত মিছা কয় লঘোনে থাকিবলগীয়া হৈছিল । অৱশেষত কোনোবা এজন বন্ধুৰ সৈত্যে লগ হৈ অসমৰ বাহিৰলৈ যাবলৈ মাক-দেউতাৰ পৰা অশ্ৰুসিক্ত নয়নেৰে বিদায় লৈছিল।
আজি সি বেংগালুৰুত প্ৰতিষ্ঠিত এখন বহুজাতিক কোম্পানীত এক উচ্চ পদত কৰ্মৰত । বৰ্তমান তাৰ তেনে নাই কোনো অভাৱ । গাঁৱৰ ঘৰৰ অৱস্থাও ভালেমান উন্নত । দুদিনৰ আগতে হঠাতে সম্পৰ্কীয় খুড়া এজনে ফোনযোগে তাৰ দেউতাৰ গাটো সিমান ভাল নহয় বুলি জনায় ঘৰলৈ বেগেতে আহিবলৈ কয় । কথাখিনিৰ গুৰুত্ব সি বাৰুকৈয়ে বুজি পালে ।
মধ্যম আকাৰৰ শিল এটুকুৰাত উজটি খোৱাতহে সি বাস্তৱলৈ উভতি আহিল । পদূলিত ৰখাৰ লগে লগে তাৰ মনটৌ কিবা এক অনিশ্চিত ভয়ত কঁপি উঠিল কাৰন চোতালখনত সি বহুত মানুহ জমা হৈ থকা পালে । সি অলপ আগুৱাই গ'ল । ই কি দেখিলে সি , তাৰ দেউতাৰ নিথৰ দেহাটি যে চোতালত পৰি আছে আৰু তাৰ মায়ে তাৰ দেউতাৰ মৃত শৰীৰটোৰ ওচৰত বহি আউলি-বাউলি হৈ কান্দি আছে । সি কান্দোনত ভাগি নপৰি অন্ততঃ তাৰ মাকৰ বাবে নিজকে সংযত কৰি ৰাখিল । ইতিমধ্যে দেউতাকৰ আদ্য শ্ৰাদ্ধ সমাপ্ত হ'ল । সেই দুবছৰৰ আগতেই যে দেউতাকক দেখা পোৱা , একেলগে বহি কথা পতা, ঘৰুৱা কামবোৰত দেউতাক সহায় কৰা ইত্যাদি, পুনৰ সি দেউতাকক লগ নাপালে । সেইবোৰ ভাবি তাৰ চকু দুটা সেমেকী উঠিল ।
আজি সি কৰ্মস্থলীলৈ যাবলৈ ওলাইছে । অকলশৰীয়া মাকজনীক লগতে লৈ যাবলৈ বিছাৰিছিল যদিও মাকে এতিয়া নাযায় বুলি কোৱাত সি মাকৰপৰা বিদায় লৈ বেংগালুৰু অভিমুখে যাত্ৰা কৰিলে .....
✍️ প্ৰশান্ত কুমাৰ দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ