মোৰ জীৱনৰ আশাৰ চাকিগছি
তুমিয়ে জ্বলাইছিলা দেউতা,
হেঁপাহৰ ৰংবোৰৰ বিষয়ে
তুমিয়ে কৈছিলা দেউতা।
সৰুতে তুমি শিকাইছিলাঁ
ক খ গ ঘ ঙ......,
এতিয়া মোক শিকোৱা
সুখ,দুখ,আশা,নিৰাশা......।
তুমি যে কোৱা
তুমি এখন বোঁৱতী নদী,
আৰু মই তোমাৰ জীৱনৰ
এখন বিশাল নাওঁ।
কিন্তু মই কওঁ দেউতা
মই যদি তোমাৰ জীৱনৰ নাওঁ,
তুমি সেই নাওঁৰ বঠা
যদি বঠা নাথাকে নাওঁৰ অস্তিত্ব ক'ত?
জীৱনতো যদি কবিতা হয়
সেই কবিতাৰ শব্দ তুমি,
জীৱনতো যদি আকাশ হয়
সেই আকাশৰ ৰামধেনু তুমি।
✍ধৃতাশ্রী বৰ্মন
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ