নিদ্ৰামগ্ন মানৱতা-কবিতা~জ্যোৎস্না বৰা শইকীয়া

©Admin
0

         
হিংসা আৰু ক্ৰোধৰ
জ্বলন্ত অগ্নিশিখাই
গ্ৰাস কৰিছে দেশ ,
আৰু নিদ্ৰামগ্নতাত মানৱতা ।
কত জোৱানৰ কেঁচা তেজে
ৰাঙলী কৰিছে দেশৰ বুকু ।
বোমা-বাৰুদৰ শব্দত 
দেশ কঁপে থৰথৰ ।
দিনৰ পিছত দিন 
মাহৰ পিছত মাহ 
পাৰ হৈছে
পদে পদে শঙ্কিত জীৱন ।
এই সময় কঠোৰতাৰে 
পৰিপূৰ্ণ সময় ,
কিয়নো...
নিদ্ৰামগ্নতাত মানৱতা ।
এতিয়া আন্ধাৰ ৰাতিৰ 
নাৰীৰ সুৰক্ষা দূৰৰে কথা 
দিনদুপৰতে সদ্যদুগ্ধপোষ্য 
কন্যাও বলি হয় কামনাৰ।
হায় মানৱতা,
তুমি জাগা ।
কিমান আৰু 
নিদ্ৰামগ্ন হৈ থাকা?
জাগা তুমি মাথোঁ এবাৰ ।
তোমাৰ অবিহনে 
দেশৰ অৱস্থা কেনে?
কেৱল তোক মাৰি মই খাওঁ ,
সম্পত্তিৰ পাহাৰ বনাওঁ ।
মানৱতা তুমি নিদ্ৰামগ্নতাত 
বিভোৰ বাবেই 
আজি সকলো তেজপিয়া বাঘ ।

🖋️জ্যোৎস্না বৰা শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)