মইও সপোন দেখিছোঁ-হুমায়ুন কবীৰ

©Admin
0
মইও সপোন দেখিছোঁ
তোমাৰ সৈতে পাহাৰত ফুৰিবলৈ,
পাহাৰৰ শীতল বতাহত
তোমাৰ সৈতে বিলীন হ'বলৈ,
মইও সপোন দেখিছোঁ।

মইও সপোন দেখিছোঁ
জোনাকৰ তলত বহি
তোমাৰ সৈতে কথা পাতিবলৈ,
কিমান যে ভাল লাগিব।
মই কথা ক'ম, তুমি শুনিবা
তুমি কথা ক'বা, মই শুনিম।
তোমাৰ কোলাত মূৰটি থৈ
জোনাকৰ তলত সময় পাৰ কৰিম।
জোনাকৰ তিৰবিৰ পোহৰত
আমিও জিলিকি উঠিম,
আমাৰ প্ৰেমো জিলিকিব।
মইও সপোন দেখিছোঁ....!!

✍️ হুমায়ুন কবীৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)