অক্লান্ত শ্ৰমিক- অনিল বৰ্মন

©Admin
1
নিৰৱচ্ছিন্ন শ্ৰম
অন্তহীন যাতনা,
শ্ৰমৰ মৰ্যদাৰ বাবে
কিমান যে কৰিছিল কামনা।
শ্ৰমিকৰ কৰ্মশক্তি,কৰ্মপ্ৰেৰণা
দেশৰ বাবে সদায় আগৰণুৱা।।
জমিদাৰ সকলৰ শোষণ
আৰু নিপীড়নৰ বিৰুদ্ধে,
লক্ষ লক্ষ কৃষক শ্ৰমিকে
বুকুৰ তেজেৰে গঢ়ি তোলা
সেই অবিৰত সংগ্ৰাম...।।
ৰিক্ত আৰু খাটি খোৱা মানুহৰ সাহস,ধৈৰ্য্য আৰু ত্যাগৰ যি
মৰ্মন্ত কাহিনী...সেয়া আছিল
ৰক্ত ৰঞ্জিত মে' দিৱসৰইতিহাস...।
অতীতৰ কাহিনীয়ে ৰিঙিয়াই কয়
সেই যুক্তৰাষ্ট্ৰৰ ৰক্তৰঞ্জিত চিকাগো চহৰ
অক্লান্ত শ্ৰমিকে কৰি তুলিছে পোহৰ...।

                  ✍️  শ্ৰী অনিল বৰ্মন
                         টিহু কলেজ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment