খুব নিখুঁত ভাৱে গথাঁ জালখনত
অজ্ঞাতে বন্দী হওঁ আমি
অজ্ঞাতে নিঃশেষ হৈ যাওঁ আমি ...।
এঠাইত নপৰিলে জালত নিৰীহ পোক
আকৌ অইন ঠাইত গুঠে জাল
জাল গুঠি গুঠি ভাগৰি নপৰে
এয়াই যেন কৰ্ম সিহঁতৰ পৰম ধৰ্ম ।
আজিকালি চহৰে-নগৰে গাঁৱে-ভূঞে
মাথোঁ মকৰাজাল
কত নিৰীহ পোকৰ ল'লে প্রাণ
তাৰ যে নাই লেখ ।
দিনে দিনে বাঢ়িছে সিহঁতৰ পৰিয়াল
নিঃশেষ কৰি গৈছে
এফালৰ পৰা শান্ত-সমাহিত পোকবোৰ....
হেৰুৱাই পেলাইছে
ক্ষুদ্র ক্ষুদ্র পোকবোৰে জীয়াই থকাৰ অধিকাৰ ।
সিহঁতে পাহৰিছে মকৰাৰ আয়ুস কম
সিহঁতৰো মৃত্যু অনিবাৰ্য ।
✍️ সবিতা দাস
গুৱাহাটী বিশ্ববিদ্যালয়
দূৰভাষ-৭৮৯৬১৮২০৩৫