হৰিণী চকুৰ প্ৰেমত পৰিলোঁ নেকি-অনিল বৰ্মন

©Admin
0
প্ৰেমৰ স্নিগ্ধ বতাহেমোৰ
উৰুৱাই নিয়ে মন,
হৰিণীৰ চকুৰ দৰে
তোমাৰ নয়নজুৰিয়ে মোক
কিনো কথা কয় ,
নিশ্চয়!হৰিণী চকুৰ
প্ৰেমত পৰিলোঁ নেকি মই?
প্ৰেমৰ চাকিগছি আকৌ এবাৰ
দীপ্তিশিখা হৈ,
সপোন ৰচিছোঁ মাথো তোমাৰ বাবে...।
নাজানো তুমি সপোন ৰছিচা
দিঠকত নে কাল্পনিক জগতত..?
দুষ্মন্ত শকুন্তলাই কৰিছিল যে
প্ৰেম কন্বমুনিৰ আশ্ৰমত,
ঠিক তোমাৰ বাবে অপেক্ষা কৰিছোঁ
মানৱী জনমত...।।
সঁচাকৈ পৰিলো মই 
হৰিণী চকুৰ প্ৰেমত।।
সুন্দ উপসুন্দ মৰিল যুঁজি
তিলোত্তমাৰ বাবে,
তোমাৰ বাবে আছো মই 
চিৰদিনৰ বাবে...।
বসন্তৰ বতৰা লৈ আহিছে
ব'হাগী কুলি...
কোনদিনা ক'ম তোমাক
I love you বুলি।

✍️অনিল বৰ্মন
টিহু কলেজ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)