তাইৰ ভাৱনাত-সেখ মনিৰুজ জামান

স্কুলীয়া জীৱনটো পাৰ কৰি 
কলেজ পালোহি 
নতুন পঢ়া , নতুন পৰিৱেশ 
আৰু নতুন তুমি ...
তুমি ! তোমাৰ প্ৰতিটো 
চাৱনিতে বলিয়া মই 
ডালিম গুটিয়া দাঁতৰ
তোমাৰ সু শোভা হাঁহি 
মধুৰ কন্ঠৰ শ্ৰোতা মই  
শুৱলা সংগীতেৰে তুমি
মতলীয়া কৰি তোলা মোক 
পাৰ্কৰ ডাঙৰ আঁহত গছৰ তলত
সদায় হোৱা আমাৰ লগ , মই চাই তোমাৰ হাঁহি
তোমাক দেখি মোৰ স্পন্দন বাঢ়ি যোৱা 
গানে গানে তোমাৰ সুৰত মই সুৰ মিলোৱা 
তোমাৰ অন্যমনস্ক হৈ মোক অনুসৰণ কৰা
অ' মোৰ প্ৰিয়া !
তুমি কি যে কৰিলা ক্ৰিয়া
থাকিব নোৱাৰি নাভাবি তোমাক 
প্ৰতিটো উশাহতেই বিচাৰোঁ তোমাক 
তুমি নহ'লে মনটো কেনে যেন আমনি লাগে 
কেণ্টিনত তোমাৰেই পচন্দৰ অৰ্ডাৰ দিও 
খোৱাৰ আগত লোৱা তোমাৰ চেলফিত মৰহি যাওঁ
তুমি পিন্ধা কাপোৰ আৰু তোমাৰ দীঘল চুলি 
সকলো দিশতে মই তোমাত মুগ্ধ , তুমিহীনে মই নাচাওঁ আন
তুমিয়ে হোৱানা মোৰ কবিতাৰ ছন্দ গান 
তুমি হয়তো নাজানা !!!
ক্লাছ নাথাকিলেও কলেজ যোৱাৰ তুমিয়ে মাত্ৰ কাৰণ 
নাজানো কোন দিনা পাব মোৰ শব্দৰ ৰং
তোমাৰ - মোৰ এক হ'ব মন ....

 ✍️সেখ মনিৰুজ জামান, 
      গোৱালপাৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send