লোক সংস্কৃতিৰ আধাৰত দৌল উৎসৱৰ ভূমিকা অপৰিসীম! অতুলনীয়। অসমীয়া নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত ব'হাগ মাহৰ পৰা আৰম্ভ কৰি জেঠ মাহ পৰ্যন্ত দৌল লোক উৎসৱ পালন কৰা হয়। ই-এক দৰঙৰ পৰম্পৰা মাংগলিক লোক উৎসৱ। জনপ্ৰবাদ অনুসৰি, খ্ৰীষ্টীয় একাদশ শতিকাৰ শেষৰ ফালৰ পৰাই এই দৌল উৎসৱ পালন কৰি আহিছে। উল্লেখ আছে যে, দৰং জিলাত দৌল উৎসৱ সকলো ঠাইতে পালন কৰি অহা হৈছে যদিও ইয়াক কেন্দ্ৰ কৰি অসমৰ বিভিন্ন জিলা সমূহত পালন কৰি আহিছে অতিজৰে পৰাই, তেনেস্থলত দৌল উৎসৱৰ আনন্দ, আত্মীয় স্বকীয়তা বঢ়াই নক'লেও হ'ব।
অতি প্ৰাচীন কালৰে পৰাই বিভিন্ন ৰীতি-নীতি- নিয়ম-কানুনৰ জৰিয়তে দৌল মহো:উৎসৱ পালন কৰি আহিছে। দৌল উৎসৱ সমূহত প্ৰধানতঃ দৰঙী কলা-কৃষ্টি-খুলীয়া ভাৱৰীয়া, বিয়াহৰ ওজাপালি, সুকনানি ওজাপালি, বৰ-ঢুলীয়া, ঢেপা ঢুলীয়া, দেওধনী নৃত্য, নাম ইত্যাদি লোক কৃষ্টি প্ৰদৰ্শন কৰি দৌল উৎসৱৰ আকৰ্ষণ বৃদ্ধি কৰা হয়। এই লোক উৎসৱ জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে অংশ গ্ৰহণ কৰাৰ পৰিপেক্ষিতত সমাজত ঐক্য, শান্তি, সম্প্ৰীতিৰ বান্ধোনৰ এনাজৰী সুদৃঢ় হোৱা পৰিলক্ষিত হৈছে।
✍️চিন্ময় ডেকা
টংলা,ওডালগুৰি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ