নীলা খামৰ চিঠি-নয়ন মণি ৰাভা

©Admin
0
মৰমৰ
   জ্যোতিৰ্ময় ৰাভা

মৰম ল'বা নে নোলোৱা নাজানো আশা কৰোঁ কুশলে আছা নিশ্চয়? প্ৰতিটো দিনেই যেন তোমাৰ বাবে মধুৰ আনন্দ, সুখ ,সমৃদ্ধিৰ শান্তি স্মৰণীয় হওঁক তাকেই কামনা কৰিলোঁ।অসমীয়া মাহৰ জেঠৰ আজি ৬ তাৰিখ  আজি মোৰ শুভ দিন তোমাৰ মনত আছেনে তুমি যে উপহাৰ দিছিলা মোবাইল এটা। আজি মনত পৰিছে তোমালৈ কিছুমান স্মৃতিয়ে আজি বৰকৈ আমনি দিছে মোক।
চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হোৱা শুনিছোঁ কিন্তু সেয়া নহয় যে হেজাৰ মাইল দূৰত থাকোঁ মই হৃদয়ত অকল তোমাৰ ভাবনা প্ৰতিচ্ছবি হে।তুমি কৈছিলা নহয় মোৰ হৃদয়ত থকা অংকন কৰা প্ৰতিচ্ছবি খন আন কোনেও মচি আঁতৰ কৰিব নোৱাৰে বুলি।আজি দেখোন মোৰ সলনি আন কোনোবাক হে স্থান দিলা। জীৱন বাটত উমলি থকা প্ৰেয়সীক সঁচাকৈয়ে আজি হেৰুৱাই পেলালা।কিন্তু তুমি যদি আকৌ এবাৰ ঘূৰি আহা মোৰ হৃদয়ত স্থান দিব নোৱাৰিম, এতিয়া আৰু মোৰ শক্তি নাই বিশ্বাস কৰাৰ। প্রতাৰণা কৰি এৰি গ'লা সেউজীয়া পথাৰ উদং কৰি এবাৰো নাভাবিলা যে কিদৰে বা আছোঁ তোমাৰ স্মৃতিবৰ বুকুত সামৰি। কিন্তু এটা কথা মনত ৰাখিবা সময়ে তোমাকো এদিন ফাঁকি দিব যাৰ বাবে তুমি চিৰজীৱন দুখৰ সংগী হ'ব লাগিব অপেক্ষা মাথো সময়। আনৰ পৰা লুকুৱাই প্ৰেম কৰা সফল নজনা বুলি ভাবি আছা নেকি গছত ফুলা ফুল কেৰাহীত ভজা লোকেল মুৰ্গীৰ মাংসৰ  গোন্ধ দূৰলৈকে বিয়পে বুলি।সঁচা ভাল পোৱাৰ বিনিময়ত দুখ, কষ্ট, চকু পানীহে, উপহাৰ দি গুছি গ'লা । মোৰ কিমান বিশ্বাস এদিন বুজি পাবা তুমি তোমাক কিমান ভাল পাওঁ।মই জানো মোৰ তুমি নোহোৱা বুলি তথাপিও ৰৈ থাকিম তোমাৰ অপেক্ষাত কিজানিবা আহাঁ আকৌ তুমি মৃত্যু সিপাৰে জীৱন বাটত আশাৰে ৰৈ থাকিম তোমালৈ।তুমি সদায় সুখী হৈ থকা আৰু বেছি লিখি আমনি নকৰোঁ।

   ইতি,                            
      তোমাৰ

 ✍️  নয়ন মণি ৰাভা ।
       গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)