হেৰুৱা ভালপোৱা~মনৰ কথা-উৎপল মৰাং

©Admin
0
আমাৰ মাজত ইমানেই পাৰ্থক্য আছিল ন , মই তোক বিচাৰিছিলোঁ আৰু তই আনক বিছাৰিছিলি । 
   মই ভালপোৱা বিছাৰিলোঁ আৰু তই মাথোঁ টকা হে বিছাৰিছিলি।।
   এনেকুৱা হয় কিছুমান ভাল পোৱাত ল'ৰাই যদি সঁচা ভাল পাই তেন্তে ছোৱালীয়ে টকা বিচাৰে।। যদি ছোৱালীয়ে সঁচা ভাল পাই তেন্তে লৰাই শৰীৰ বিচাৰে ।।
  তেনেকুৱাই হ'ল মোৰ , তই যেনেকৈ টকা চিনি পালি হয়তো মইও তোৰ শৰীৰটো বিচাৰিলোঁহেঁতেন ,কিন্তু তোৰ শৰীৰ নহয় তোকহে বিচাৰিছিলোঁ মই ।।
  তই ভাবিছ চাগে তোক হেৰুওৱাৰ পাছত মই দুৰ্বল হৈ পৰিলোঁ , নাই হোৱা দুৰ্বল ।।
 মাৰ গৰ্ভৰ পৰা ওলোৱাৰ পাছত তোক লগ নোপোৱালৈকে যেনেকৈ শক্তিশালী হৈ আছিলোঁ আজিও সিমানেই শক্তিশালী হৈ আছোঁ ।
    তোক হেৰুওৱাৰ পাছত হৃদয়ৰ পৰা আঁতৰাই দিছোঁ কিন্তু মোবাইলৰ পৰা আঁতৰোৱা নাই তোক।। মন যায় তোক ব্লক কৰি নম্বৰ delete কৰি থ'বলৈ কিন্তু মই যে শক্তিশালী সেয়ে তোক ব্লক নাই কৰা ,তোৰ নম্বৰো ডিলিট নাই কৰা কাৰণ সেইবোৰ কৰিলে তই মোৰ সুখ আৰু সফলতা কেনেকৈ দেখিবি , তই চাব লাগিব ন মোৰ সুখ আৰু সফলতা সেয়ে নম্বৰ থৈ দিছোঁ ,ব্লক নাই কৰা।।
    তই তোৰ মা দেউতাক যেনেকৈ চকু বন্ধ কৰি বিশ্বাস কৰ, ঠিক তেনেকৈ যদি মোক এবাৰ বিশ্বাস কৰিলিহেঁতেন ।
    কিন্তু তই টকা দেখি বহুত ডাঙৰ ভুল কাম কৰিলি, এদিন হয়তো নিজেই উপলব্ধি কৰিবি আৰু কবি যে "ঠিক এটা সময়ত মোৰ জীৱনত এজন সঠিক মানুহ আহিছিল কিন্তু মোৰ ভুলৰ বাবে তেওঁক হেৰুৱালোঁ।""।
   সুখী থাক সদায়।। মই নিবিচাৰোঁ তোৰ দুখ হোৱাটো।
তই আকৌ যদি উভতি আহিব বিচাৰ তোক আগৰ দৰে যাঁচি ল'বলৈ মোৰ ইচ্ছা নাই। 
 কাষত থাকোতেই যদি আদৰ, যত্ন নিদিলি মই সফল হোৱাৰ পাছত আহি তোৰ ,আদৰ যত্ন মই নিবিচাৰোঁ।
   Thank you তোক। তই যদি ভুল মানুহ হৈ মোৰ জীৱনত নাহিলিহেঁতেন হয়তো মই মোৰ সফলতাৰ পথটো বিচাৰি নাপালোঁ হেঁতেন ।।
   ঘৃণা হৈ ৰ'ল মোৰ পবিত্ৰ ভাল পোৱা ।
 
✍️উৎপল মৰাং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)