সকলো ভাৰ বহন কৰি
দুখ-যন্ত্ৰণাক বুকুত লুকাই ৰাখি
মুখত হাঁহি লৈ ফুৰা
ব্যক্তিজনেই দেউতা ।
পাহাৰৰ দৰে অটল হৈ থাকি
বাধা-বিঘিনিৰ পৰা
নিজৰ সন্তানক ৰক্ষা কৰা
ব্যক্তিজনেই দেউতা ।
নিজক পাহৰি সন্তানৰ
মুখত হাঁহি ফুটাবলৈ
যুদ্ধ কৰি কৰি
প্ৰশান্তি পাবলৈ চেষ্টা কৰা
ব্যক্তিজনেই দেউতা ।
সন্তানৰ সুখৰ বাবে
নিজৰ ইচ্ছা বাসনা নিজ সত্বাক
জলাঞ্জলি দি অভাৱ
পূৰণৰ যন্ত্ৰ হৈ পৰা
ব্যক্তিজনেই দেউতা ।
✍️মাণিক পাল
গাঁও: শিমলীতোলা
জিলা: গোৱালপাৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ