মই বিচাৰি থকা হাতখন-অলকেশ খাটনিয়াৰ

    গোটেই জীৱন বিচাৰি 
    চলাথ কৰিলোঁ মই
    সেই হাতখন বিচাৰিয়েই
    পোৱা নাই জানা !
    জীৱনৰ প্ৰতিটো পল-অনুপলে
    সকলোৰে মাজত বিচাৰি ফুৰিছো;
    সেই হাতখন
    যি হাতৰ কোমল স্পৰ্শই
    মোৰ মনত মৰমৰ
    বীজ সিঁচি
    চিৰদিনলৈ মোক 
    এক নতুনত্বৰ
    দিশে লৈ গৈ
    এক নতুন জীৱন
    উপহাৰ দিব।
  
     ✍️অলকেশ খাটনিয়াৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send