মৰ্মান্তিক-গোপাল কৃষ্ণ বাঢ়ৈ

আজি মই আকৌ অস্থিৰ হৈ পৰিছোঁ…
শব্দহীন হৈ পৰিছোঁ…
উঁচুপি উঠিছোঁ…
চিৎকাৰ কৰি উঠিছোঁ বাৰে বাৰে…
হেৰুৱাইছোঁ সুখৰ নিদ্ৰা৷
এই মাটিত এতিয়া বাৰে বাৰে ভুলণ্ঠিত হয় মানৱতাৰ…
লজ্জানক হয় মানৱজাতি৷
এজনী কণমানি পাহাৰীয়া ছোৱালী…
চুমিলা ৰংহাংপি৷
চহকী মানুহৰ ঘৰত তাই ভালকৈ থাকিব পাৰিব,
ভালকৈ পিন্ধিবলৈ পাব,
পঢ়িব-শুনি ডাঙৰ মানুহ হৈ পাহাৰলৈ ঘূৰি আহিব…
হয়টো এনেকৈয়ে ভাবিছিল তাইৰ নিৰক্ষৰ
পিতৃ-মাতৃয়ে৷
কিন্তু মিঁছা প্ৰলোভনেৰে পাহাৰৰ পৰা আনি তাইৰ জীয়াই থকাৰ শেষ ইচ্ছাবোৰ ভেঙুচালি কৰিছিল নৰপিশাচে…
বৰ্বৰ অত্যাচাৰৰ বলি হৈ চিৰ দিনলৈ হেৰাই গ’ল তাইৰ ফুলকুমলীয়া সপোনবোৰ…
পখিলা খেদা বয়সতে তাইক  গৰ্ভাৱতী কৰি জ্বলাই দিয়া হ’ল৷
উঃ কিমান যে অত্যাচাৰ সহিব লগীয়া হৈছিল তাইৰ কোমলীয়া দেহাটোৱে৷
সিহঁতৰ অলপো অন্তৰ নগলিল তাইৰ চিৎকাৰত…
অন্তৰ গলিবলৈ আচলতে সিঁহতৰ অন্তৰেই নাছিল৷
সিঁহত মানুহ নহয়…
নেজ নোহোৱা পশু,
নৰখাদক বাঘতকৈ হিংস্ৰ সিঁহত…
এই যে আজি পাহাৰৰ ছোৱালীজনী আনি 
সিঁহতে কেঁচা মাংস খালে…
আজি আপুনি-মই তাইৰ বাবে নাকান্দিলে…
মৌন হৈ থাকিলে…
কালিলৈ আপোনাৰ মোৰ
আপোন কাৰোবাকো
এই পিশাচহঁতে এনেকৈয়ে অত্যাচাৰ কৰি হত্যা কৰিব…
নিৰপৰাধী,অবলা নাৰীৰ
মৃত্যু উদযাপন কৰিব পশুহঁতে৷
এনেকৈয়ে জীয়াই থাকিব সিঁহত 
পৃথিৱীৰ বোজা হৈ,
মানুহৰ বাবে কলংক হৈ চিৰদিনলৈ…
এই হত্যাৰ বিচাৰ লাগে,
এই হত্যাৰ ন্যায় লাগে…
ফাঁচী কাঠত ওলোমোৱা হওঁক পিশাচহঁতক৷

✍️গোপাল কৃষ্ণ বাঢ়ৈ,টীয়ক৷
     ফোনঃ ৮৬৩৮৩১৬০৭৩

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send