সমগ্ৰ ৰাজ্যখনত ক'ৰণা মহামাৰীয়ে আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। সমান্তৰালভাৱে শিক্ষাৰ ক্ষেত্রত ইয়াৰ যথেষ্ট বিৰূপ প্ৰভাৱ পেলায় আহিছে। শিক্ষাৰ্থীৰ শিক্ষা জীৱনলৈ এক ভাবুকি তথা গভীৰ সংকটে গা কৰি উঠিছে আজিৰ প্ৰেক্ষাপতত। স্বাভাৱিকতে এই মহামাৰী বিভীষিকাই আমাৰ দৰে শিক্ষাৰ্থী সকলৰ জীৱনত ইতিবাচক সঁহাৰি প্ৰদানৰ পৰিৱৰ্তে এক নেতিবাচক ভাৱে বিৰোপ প্ৰভাৱ পেলাইছে। যোৱা বিগত বৰ্ষটোৱে শিক্ষা তথা জনজীৱনত অমানিশাৰ দিশলৈ গতি কৰাইছিল। আমি সকলোৱে এই বিষয়ত পৰ্যায়মানে অৱগত। কিমান লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল শিক্ষাৰ ক্ষেত্রত প্ৰকাশ কৰিব নোৱাৰোঁ। এতিয়া বৰ্তমান সময়ত পূৰ্বতকৈ অত্যাধিক ভয়াৱহতাই ৰূপ লৈছে! এনে ভয়াৱহতাই শিক্ষাৰ্থী সকলৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় এখনৰ স্নাতক পৰ্যায়ৰ শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰী হিচাপে সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ কেত বোৰ সমস্যাই আমাৰ মনত বাৰুকৈয়ে বিৰূপ প্ৰভাৱ পেলাইছে। শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পাঠদান গ্ৰহণ আৰু পৰীক্ষা অনুষ্ঠিত কৰণ সম্পৰ্কে যিধৰণে ইখন-পিছত সিখনকৈ জাননী জাৰি কৰিছে, আমি শিক্ষাৰ্থী সকল হতভম্ব হৈ পৰিছোঁ। এই মহামাৰী দুৰ্যোগৰ সময়ত শিক্ষাৰ্থী সকলক মানসিক ভাবে শক্তিশালী কৰাৰ বিপৰীতে আমাৰ মাজত আনি দিছে ভয়,শংকা, সন্দেহ,সংশয়, অবাস্তৱ তথা অস্পষ্টতাৰ এখন বাস্তৱমূখী প্ৰতিচ্ছবি। দৰাচলতে, বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই চলিত ষান্মাসিকৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে পৰবৰ্তী ষান্মাসিকৰ পাঠদানৰ পাঠ্যক্রমৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব কোৱা কথাটোৱে সাধাৰণতে কি বুজাব বিছাৰিছে? আমি সকলোৱে জ্ঞাত যে, বিগত সময়ছোৱাত এটি ষান্মাসিকৰ পৰীক্ষা নিদিয়াকৈয়ে পৰবৰ্তী ষান্মাসিকৰ পৰীক্ষাত অৱতীর্ণ বা উৰ্ত্তীন হৈ আহিছোঁ । আকৌ তেনে ক্ষেত্ৰত পুনৰ যদি পৰীক্ষা অবিহনে অৱৰ্তীণ হ'বলগীয়া হয়,তেনেস্থলত নিশ্চিতভাৱে ই আমাক পুনৰাই বহু ক্ষতি সাধন কৰিব। যিহেতুকে চলিত ষান্মাসিকৰ পাঠদান প্ৰক্ৰিয়া কেতিয়াবাই সমাপ্ত হ'ল। সেয়ে আমি ভাবোঁ উপযুক্ত পৰীক্ষা আৰু মূল্যায়ন অবিহনে উত্তীৰ্ণ কৰাই দিয়াটো কোনোপধ্যেই যুক্তিসংগত সমীচীন নহয়। আমি সকলোৱে আশা কৰিম ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক,মানসিক তথা শৈক্ষিক দিশত ক্ষতি নোহোৱাকৈ অচিৰেই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই স্পষ্ট জাননীৰ নিদেৰ্শনা প্ৰদান কৰি আমাৰ ভয়, শংকা, সংশয় দূৰ কৰিব।
শেষত সবিনয় অনুৰোধ, নতুন কৌশল অৱলম্বন কৰি যাতে,গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই পৰম্পৰাগত পদ্ধতিৰ জৰিয়তে(অফলাইন মাধ্যম) সহায়ত ক'ভিড প্ৰ'ট'কল ৰক্ষা কৰি শ্ৰেনীকোঠা সমূহত চলিত ষান্মাসিকৰ পৰীক্ষা সমূহ অনুষ্ঠিত কৰণত বিহিত ব্যৱস্থা গ্রহণ কৰে।বিগত বৰ্ষটোৱে অভাৱনীয় ভাৱে আমাক বহুখিনি ক্ষতি সাধন কৰিলে। সেই দুখ-দূৰদৰ্শাৰ পুনৰাবৃত্তি নহওঁক তাৰে কামনা কৰি শিক্ষাৰ্থী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অচিৰেই সঠিক আৰু সংযত ভাৱে সিদ্ধান্ত গ্ৰহণ কৰি পৰীক্ষা অনুষ্ঠিত কৰিব বুলি আশা ৰাখিলোঁ।
✍️চিন্ময় ডেকা
টংলা, ওডালগুৰি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ