মই : জীৱনত কোৱাৰ দৰে কোনো সুখী হ'ব নোৱাৰে।কোনোবাই যদি তোমাক সুখী বুলি কৈছে সেয়া তেওঁ অভিনয় কৰিছে। কাৰণ কাৰোবাৰ কিবা নহয় কিবা এটা দুখ থাকেই । কিন্তু মানুহে দুখ ঢাকি নিজকে সুখী বুলি অভিনয় কৰে।।
মন : কেতিয়াবা তোমাৰ বন্ধুৰ বাবে প্ৰেম জীৱনত খেলি-মেলি হৈছে নেকি ?
মই : কেতিয়াবা।
মন : কেনেকৈ ?
মই : প্ৰেম বোলা বস্তুতো অতি কঠিন , তাতে মোৰ বন্ধুৰ লগত সন্ধিয়া ওলাই গ'লেও মোৰ প্ৰেয়সীয়ে মোক গালি পাৰি বহু সময় কথা নাপাতে ।কিন্তু বন্ধুৰ সাহসেৰে মই পুনৰ সেই খেলি-মেলিবোৰ আঁতৰাই লৈছিলোঁ।।
মন : তোমাক তোমাৰ প্ৰেয়সীয়ে কোনোবা বন্ধুক এৰিবলৈ কৈছিল নেকি ?
মই : উমমম...কৈছিল।
মন : তুমি এৰিলা নে ?
মই : ..............
মন : তুমি তোমাৰ বন্ধুক বিশ্বাসত লোৱানে ?
মই : যদি মোৰ বন্ধুৱে মোক বিশ্বাসেৰে লয় , তেনে মই ও সাজু আছো।।
মন : তোমাৰ বাবে প্ৰেম জৰুৰী নে বন্ধু ?
মই : হয়তো বন্ধুৰ প্ৰেম।।
মন : কিয় ?
মই : প্ৰেম যদি সঁচা নহয় ,ভাঙি যাব । কিছুমান বন্ধুত্ব যদিও সঁচা নহয় তোমাৰ লগতেই থাকিব , লাগিলে তোমাৰ বেয়াটোৱেই নিবিচাৰক কিয় , দেখিলেই কেঁৰাকৈ হ'লেও মাত এষাৰ লগাব।।
মন : শেষত তুমি প্ৰেম আৰু বন্ধুৰ মাজত কিবা পাৰ্থক্য আছে বুলি ভাবা ?
মই : প্ৰেম আৰু বন্ধুত্বৰ মাজত পাৰ্থক্য মাথোঁ এটাই...প্ৰেম হয়তো ভাঙি যাব কিন্তু বন্ধুত্ব সদায়ে গভীৰ হৈ যাব।।
✍️উৎপল মৰাং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ