মই জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ
কৱলত পৰিছোঁ,
অন্ধ সমাজৰ বন্ধ কোঠাত অসহায়
বিষন্নতাৰ সাগৰত কক্বকাই ফুৰিছোঁ,
মই কুল বিচাৰি পোৱা নাই ।
মোৰ শৰীৰটো ক্ৰমশঃ
দুৰ্বল হৈ আহিছে,
চকুদুটা নীলা বৰণ হৈ
ঢলি পৰিছে,
লাহে লাহে মোৰ মুখৰ মাত-বোল
নোহোৱা হৈ আহিছে,
মই এতিয়া উপায়হীন,
সংগীবিহীন,
সাংস্কৃতিহীন অসহায় বালিকা,
মই মৃত্যুৰ ৰাস শুনিবলৈ পাইছোঁ,
মানৱৰূপী পিশাচে
মোৰ জীৱন-যৌৱন কাঢ়ি লৈছে,
মোৰ ফুলকুমলীয়া জীৱন আৰু সপোন।
ধ্বংসৰ পথলৈ ঠেলি দিছে,
মোৰ আত্মসন্মান ধূলিস্যাত কৰিছে,
এতিয়া মই সমাজৰ আগত
লজ্জিত-বঞ্চিত,
মই এতিয়া নিৰূপায়-অসহায়,
মোৰ আত্মশান্তিৰ বাবে
আত্মসহনেই মোৰ শ্ৰেষ্ঠ উপায় ।।
✍️আজিজুৰ ৰহমান
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ