মৃত্যু এক চিৰন্তন সত্য-মায়াশ্ৰী ঠাকুৰ

©Admin
0
আমাৰ সকলোৰে জীৱনত মৃত্যু কেতিয়া, কেনেকৈ আহে কোনেও নাজানো। জন্ম কেৱল মাতৃ গৰ্ভত কিন্তু মৃত্যু কেনেকৈ আহিব পাৰে সেয়া নিশ্চিত নহয়। আমি মাথোঁ এটা কথা অৱগত যে "এই পৃথিৱীত জন্ম হৈছো যেতিয়া মৃত্যুও অনিৰ্বায্য।" মৃত্যুক আমি কোনেও জয় কৰিব নোৱাৰো কিন্তু মৃত্যু আমি সুন্দৰ ৰূপত গ্ৰহণ কৰিব পাৰো। _____ হোমেন বৰগোহাঞিৰ এইষাৰ কথাই মই এগৰাকী নৱপ্ৰজন্ম হিচাপে মোৰ হৃদয়ত বাৰুকৈয়ে সাঁচ বহুৱালে। তেখেতৰ মৃত্যু হৈছে যদিও, তেখেতক যে আমাৰ লগতেই আছে। তেখেতে সাহিত্য ক্ষেত্ৰখনলৈ যিখিনি অৱদান, তেওঁ স্পষ্টবাদীতাই মোক বাৰুকৈয়ে আৰ্কষণ কৰিছে। এনেকুৱা লাগিছে তেখেতৰ সকলো কথাই যেন মই এতিয়াই পঢ়ি শেষ কৰিম। মৃত্যুহীন জীৱন এটা বৰ সুন্দৰ লাগে।‌ কিন্তু মৃত্যুহীন জীৱন বিৰক্তিকৰ আৰু পৰিকল্পনা বিহীন হ'ব। আমাৰ হাতত যদি অত্যন্ত সময় থাকে তেতিয়া হ'লে কামবোৰ পিছলৈ থৈ দিয়াৰ মানসিকতা গঢ় লৈ উঠিব। যেনেদৰে পৰীক্ষা অনুষ্ঠিত কৰা এটা নিৰ্দিষ্ট সময় থাকে  সেই মতেই পঢ়ে ঠিক সেইদৰে জীৱনৰো নিৰ্দিষ্ট সময় আছে বুলি জনাৰ বাবেহে সময়ৰ কাম সময়ত কৰিবলৈ লয়। 
        জাপানী বৌদ্ধ গুৰু নিচিৰেণ ডাইচনিনৰ মতে__"জীৱন পৃথিৱীৰ সকলোতকৈ ডাঙৰ ঐশ্বৰ্য্য।" আকৌ বুদ্ধ দেৱৰ মতে__"পৃথিৱীৰ সমস্ত ঐশ্বৰ্য্য আৰু বিভূতিৰ দ্বাৰাও আমি এটা জীৱন ক্ৰয় কৰিব নোৱাৰো।" সেয়ে জীৱনৰ প্ৰতিটো মুহূৰ্তত আমি সৎ কৰ্ম, সৎ পথেৰে উপভোগ কৰিবলৈ শিকিব লাগে। অনাহকত সময়ৰ অপব্যৱহাৰ, অপব্যয় কৰিব নালাগে। আমাৰ বাবে প্ৰতিটো দিনেই মূল্যবান। আমি জীৱনত যিখিনি পাওঁ সেইখিনি লৈয়ে সুখী হ'ব লাগে আৰু যিখিনি নাপাও সেইবোৰ ভাবি সময় নষ্ট কৰি থকাৰ প্ৰয়োজন নাই। তাৰ কাৰণে, আমি প্ৰথমে নিজক চিনিব লাগিব, নিজৰ প্ৰতিভাসমূহৰ সৈতে নিজে চিনাকী হ'ব লাগিব তেতিয়া হয়তো জীৱনত কোনো অভিযোগ নাথাকিব। 
ভলটেয়াৰৰ মতে___"মৃত্যু বিষয়ে অবাবত চিন্তা ভাৱনা কৰি সময় অপচয় নকৰিবা কেৱল কাম কৰি যোৱা। জীৱনটোক সহনীয় কৰি তোলা এইটোৱেই একমাত্ৰ উপায়।" ___ এই কথাষাৰ ৰাছিয়াৰ লেখক ফিয়ডৰ ডষ্টয়ভস্কি জীৱনৰ এটি ঘটনাত লগত সাদৃশ্য আছে। 
ডষ্টয়ভস্কি এখন গুপ্ত সমাজৰ লগত জড়িত থকাৰ অপৰাধত সেই সময়ৰ ৰাছিয়াৰ জাৰ  নিকোলাছৰ সৈন্যবাহিনীয়ে বন্দী কৰি থৈছিল। মাত্ৰ পাঁচ মিনিটৰ পাছত খুটা এটাত  বান্ধি আন সকলো বন্দী সহকৰ্মীৰ লগত তেওঁকো গুলিয়াই হত্যা কৰিব বুলি ঘোষণা কৰিছিল। মৃত্যু ক্ষণ আহি পৰা বুলি জানি ডষ্টয়ভস্কিয়ে নিজৰ জীৱনৰ সেই বহুমূলীয়া শেষ মূহূৰ্তখিনি স্মৰণীয় ভাৱে পাৰ কৰিবলৈ পৰিকল্পনা কৰিছিল। তেওঁৰ হাতত থকা জীৱনৰ অন্তিম পাঁচ মিনিট সময় তিনিটা ভাগত ভাগ কৰিলে। প্ৰথম দুই মিনিট সময় তেওঁ নিজৰ বন্ধু-বান্ধৱ আৰু প্ৰিয় জনক বিদায় জনাবলৈ, আৰু পিছৰ দুই মিনিট সময় নিজৰ বিষয়ে গভীৰ ভাৱে ভাবিবলৈ আৰু শেষৰ এক মিনিট সময় ধুনীয়া পৃথিৱীখন শেষ বাৰলৈ চাবলৈ থিৰাং কৰিলে। তথাপিওঁ, তেওঁ ভাবিলে যদি মোৰ মৃত্যু নহয় তেন্তে জীৱনৰ প্ৰতিটো পল বহুমূলীয়া যুগৰ দৰে পালন কৰিব। পিছত কিন্তু, তেওঁ মৃত্যুদণ্ডৰ পৰা ৰেহাই পালে। তাৰ পিছত জীৱনটো তেওঁ সৎ পথেৰে সময়ৰ সৎ ব্যৱহাৰ কৰি আগুৱাই নিলে। গতিকে ভাবকচোন জীৱনটো কিমান মূল্যবান। আমি জীৱনটোক সন্মান কৰিব লাগে। প্ৰতিটো দিনেই জীৱনৰ শেষ দিন বুলি প্ৰতিটো দিন সুন্দৰকৈ ৰূপায়ণ কৰিলে জীৱনটো সুন্দৰ হৈ পৰিব। 
মৃত্যু এক চিৰন্তন সত্য। যদিও, আমি আমাৰ আত্মীয়, প্ৰিয় ব্যক্তিজনক হেৰুৱালে মনত দুখ লাগে। এই যন্ত্ৰণা কেৱল দুদিন পাছতেই আমাৰ পাছত নোহোৱা হৈ যায়। কোনো ব্যক্তিৰ মৃত্যুক আমি সহজ ভাবে গ্ৰহণ কৰিব পৰা হওঁ। তাৰ মানে এইটো নহয়, আমি সেই ব্যক্তি জনক পাহৰি যাম। তেওঁ আমাৰ মাজত সদায় থাকিব সেয়া মাত্ৰ প্ৰেমৰ বাবে সম্ভৱ। প্ৰেমে আৱেগৰ জন্ম দিয়ে, সেই প্ৰেমেই অস্তিত্ব ৰক্ষা কৰে।

✍️ মায়াশ্ৰী ঠাকুৰ,যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)