আজি এটা কবিতা লিখিম-পৰশজ্যোতি দাস

©Admin
0
কবিতা হ'বনে নহয় নাজানো...
তথাপি আজি এটা কবিতা লিখিম ।
যদিওবা শব্দবোৰে মোৰ লগ দিয়া নাই
যদিওবা অনুভৱে মোক শব্দ দিয়া নাই
তথাপি আজি এটা কবিতা লিখিম ।

জীৱনটোক সজাওতে পৰাওতে বেলি ডুবিল ।
গভীৰতাত সাঁতুৰি নাদুৰি সকলোবোৰ উটিল ।
মোক নিঃশেষ কৰাৰ স্বাৰ্থতেই...
পৰিস্থিতিবোৰৰ ষড়যন্ত্ৰ বৰ কুটিল ।
সঁচাই সময়বোৰ কেতিয়াবা বৰ জটিল ।

মোৰ হাতৰ পৰশতে ফুলনি শুকাল ।
মোৰ পিয়াহৰ বাবেই সাগৰো শুকাল ।
মোক জ্যোতিষ্মান কৰি তুলিব গৈ...
বিজুলী লুকাল ।
মোৰ জীৱনৰ মান্যতাৰ স্বাৰ্থতেই...
সুখ আৰু হাঁহিবোৰ ঢুকাল ।
এতিয়া চাৰিওফালে কেৱল আকাল ।

মই ধুমুহাক সাবটি ধৰিছো ।
অমানিশাৰ সহিতে আলোচ্য কৰিছো ।
জীৱনৰ উপাদানবোৰ শিলত লিপি লৈ
জুকিয়াই জুকিয়াই শিলালিপিবোৰ বুকুত বান্ধি লৈছো ।
মই নেদেখা পৃথিৱীৰ প্ৰেমত পৰিছো ।

মই এতিয়া তেনেই অসহায় ।
অকলশৰীয়া সংগ্ৰামৰ দুৰ্বলাস্ত্ৰ সৈনিক ।
জীৱনৰ পৰা আৰু কি শিকিম...
তথাপি যুঁজিছো অকলেই ।
হয়তু হাৰিম অথবা এদিন জিকিম ।
তথাপি আজি এটা কবিতা লিখিম ।

                  
✍🏻পৰশজ্যোতি দাস।
     অধিবক্তা,শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)