নিজৰ কৰিবলে ,
মন যায় কেতিয়াবা
কুলু-কুলু নদীৰ ঢৌ বোৰৰ
সতে হেপাঁহৰ গীত জুৰিবলে,
বতাহৰ সুৰত হাউলি নাচিছে
পাহাৰৰ ওখ ওখ গছবোৰে ,
কঁহুৱা বনৰ পৰশত
উলাহত উথলি উঠিল
হেপাঁহৰ পখীটিয়ে ।
কিন্তু সময়ৰ সোঁতত
দেখিব নোপোৱা হ'লো,
প্ৰকৃতিৰ বিনন্দীয়া স্বৰূপ ।
শুনিব নোপোৱা হ'লো
আকাশত উৰি ফুৰা
এজাক চৰাইৰ গুনগুননি,
শুনো মাঁথো
গাড়ী-মটৰৰ হো-হোৱনি ।
দেখিব নোপোৱা হ'লো
সূৰ্য্যোদয়ৰ পূব আকাশৰ দৃশ্যটি ,
দেখো মাঁথো আজিকালি
ওখ ওখ অট্টালিকা ৰ শাৰী ।
✍ মিনাক্ষী বড়া
দৰং (অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ